ETV Bharat / state

বিশ্ব দৰবাৰত চিৰাঙৰ জীয়ৰী - অম্ব্ৰিকা নাৰ্জাৰী

চীনৰ হংকঙত অনুষ্ঠিত সোতৰ অনুৰ্ধৰ থাৰ্ড য়ুথ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ-২০১৯ ত জfলিকিল চিৰাঙৰ অম্ব্ৰিকা

বিশ্ব দৰবাৰত চিৰাঙৰ জীয়ৰী
author img

By

Published : Mar 18, 2019, 9:26 PM IST


উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী অম্ব্ৰিকা নাৰ্জাৰীয়ে কোকৰাঝাৰৰ ছাইত প্ৰশিক্ষন লৈ তাৰ পৰাই ভাৰতীয় দলৰ হৈ চীনৰ হংকং চহৰত অনুষ্ঠিত এই থাৰ্ড য়ুথ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ-২০১৯ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল ।

etv bharat assam
বিশ্ব দৰবাৰত চিৰাঙৰ জীয়ৰী
কেৱল এয়াই নহয়,ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ৫ টাকৈ স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অম্ব্ৰিকা ।অম্ব্ৰিকাৰ এই সাফল্যত পৰিয়ালবৰ্গৰ লগতে এতিয়া উৎফুল্লিত হৈ পৰিছে গাঁওবাসী ৷


উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী অম্ব্ৰিকা নাৰ্জাৰীয়ে কোকৰাঝাৰৰ ছাইত প্ৰশিক্ষন লৈ তাৰ পৰাই ভাৰতীয় দলৰ হৈ চীনৰ হংকং চহৰত অনুষ্ঠিত এই থাৰ্ড য়ুথ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ-২০১৯ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল ।

etv bharat assam
বিশ্ব দৰবাৰত চিৰাঙৰ জীয়ৰী
কেৱল এয়াই নহয়,ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ৫ টাকৈ স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অম্ব্ৰিকা ।অম্ব্ৰিকাৰ এই সাফল্যত পৰিয়ালবৰ্গৰ লগতে এতিয়া উৎফুল্লিত হৈ পৰিছে গাঁওবাসী ৷
Intro:চিৰাঙৰ অতিকে ভিতৰুৱা  পিচপৰা তথা দৰিদ্ৰ পৰিয়ালৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰি চীনদেশৰ হংকং চহৰত অনুষ্ঠিত হৈ থকা ১৭ অনুৰ্ধ তৃতিয় এচিয়ান যুৱ ক্ৰীড়া সমাৰোহ-২০১৯(থাৰ্ড য়ুথ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ-২০১৯) ৰ লং জাম্পত ৫.৭৩ মিটাৰত ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয় । চিৰাং জিলাৰ বিজনীৰ শিলবাৰীৰ দৰিদ্ৰ কৃষক হৰেশ্বৰ নাৰ্জাৰী(হেমঙ্গ নাৰ্জাৰী)আৰু মাতৃ জাউলি নাৰ্জাৰীৰ দ্বিতীয় কন্যা অম্ব্ৰিকা নাৰ্জাৰীয়ে বিশ্ব দৰবাৰত চিৰাং জিলাৰ পৰা গৈ ব্ৰঞ্জৰ পদক লাভেৰে গৌৰৱান্বিত কৰিছে। উচ্চতৰ শেষান্ত বৰ্ষৰ ছাত্ৰী অম্ব্ৰিকা নাৰ্জাৰী অতিকে দৰিদ্ৰ পৰিয়ালৰ পৰা কোকৰাঝাৰ ছাইত প্ৰশিক্ষনৰ সুবিধা লাভ কৰিছিল আৰু তাৰে পৰা ভাৰতীয় দলৰ হৈ চীনৰ হংকং চহৰত অনুষ্ঠিত এই থাৰ্ড য়ুথ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ-২০১৯ প্ৰতিযোগিতাত অংশগ্ৰহনৰ সুবিধা লাভ কৰিছিল । এইখিনিতে উল্লেখ কৰিব লাগিব যে এই গৰাকি খেলুৱৈয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত ৫ টাকৈ স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । অম্ব্ৰিকা নাৰ্জাৰীয়ে এতিয়াও চীনৰ হংকঙতে আছে আৰু অহা ২০ তাৰিখেহে উভতিব বুলি জনাইছে পৰিয়ালৰ লোকে ।

     হঠাতে আজি চিৰাং জিলাৰ বিজনীৰ উত্তৰে অতিকে পিচপৰা শিলবাৰী-বাঙ্গভূৰ বাৰী গাঁওৰ দৰিদ্ৰ কৃষক হৰেশ্বৰ নাৰ্জাৰী(হেমঙ্গ নাৰ্জাৰী)ৰ গৃহত মানুহৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । গাঁওবাসী উৎফুল্লিত হৈছে অম্ব্ৰিকাৰ ব্ৰঞ্জৰ পদক লাভৰ বাতৰি পোৱাৰ লগে লগে নিখিল বড়ো ছাত্ৰ সন্থাৰ বিজনী আঞ্চলিক সমিতিৰ পৰা অম্ব্ৰিকাৰ পিতৃ-মাতৃক সম্বৰ্ধনা জনায় । সকলোৱে চৰকাৰৰ ক্ৰীড়া বিভাগক দাবী জনাইছে এই দৰিদ্ৰ পৰিয়ালটিক আৰ্থিক সাহাৰ্যৰে সহযোগিতা কৰাৰ বাবে যাতে ভৱিষ্যতে বিশ্ব দৰবাৰত নিজৰ প্ৰতিভাৰে অধিক উজলি উঠিব পাৰে আৰু বিশ্ব দৰবাৰত নিজৰ লগতে দেশৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে । 

বাইট : পৰিয়াল,গাঁওবাসী আৰু এবছু কৰ্মী ৰ বাইট লগতে পিটিচি দিলো । ভালদৰে অসমীয়া কব নোৱাৰে পৰিয়ালটিয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।



Body:বাইট : পৰিয়াল,গাঁওবাসী আৰু এবছু কৰ্মী ৰ বাইট লগতে পিটিচি দিলো । ভালদৰে অসমীয়া কব নোৱাৰে পৰিয়ালটিয়ে ।


Conclusion:হঠাতে আজি চিৰাং জিলাৰ বিজনীৰ উত্তৰে অতিকে পিচপৰা শিলবাৰী-বাঙ্গভূৰ বাৰী গাঁওৰ দৰিদ্ৰ কৃষক হৰেশ্বৰ নাৰ্জাৰী(হেমঙ্গ নাৰ্জাৰী)ৰ গৃহত মানুহৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । গাঁওবাসী উৎফুল্লিত হৈছে অম্ব্ৰিকাৰ ব্ৰঞ্জৰ পদক লাভৰ বাতৰি পোৱাৰ লগে লগে নিখিল বড়ো ছাত্ৰ সন্থাৰ বিজনী আঞ্চলিক সমিতিৰ পৰা অম্ব্ৰিকাৰ পিতৃ-মাতৃক সম্বৰ্ধনা জনায় । সকলোৱে চৰকাৰৰ ক্ৰীড়া বিভাগক দাবী জনাইছে এই দৰিদ্ৰ পৰিয়ালটিক আৰ্থিক সাহাৰ্যৰে সহযোগিতা কৰাৰ বাবে যাতে ভৱিষ্যতে বিশ্ব দৰবাৰত নিজৰ প্ৰতিভাৰে অধিক উজলি উঠিব পাৰে আৰু বিশ্ব দৰবাৰত নিজৰ লগতে দেশৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে । 

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.