ETV Bharat / state

Chirang flood update: চিৰাঙত বানাক্ৰান্ত ৰাইজৰ বিলৈ - চিৰাঙত বান

চিৰাঙৰ বান পৰিস্থিতি অধিক শোচনীয় । বিভিন্ন ঠাইত বিদ্যুতৰ টাৱাৰ উভালি পৰাৰ লগতে দলং বহি গৈছে । বহু গাঁও প্লাৱিত ।

Chirang flood situation
বান পৰিস্থিতি অধিক শোচনীয়
author img

By

Published : Jul 13, 2023, 10:48 PM IST

বান পৰিস্থিতি অধিক শোচনীয়

চিৰাং, 13 জুলাই : চিৰাঙৰ ভাৰত-ভূটান সীমান্ত এলেকাত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে । চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ লাওখ্ৰীগুৰী গাঁৱত ভূটান পাহাৰৰ পৰা নামি অহা নিজলা নৈৰ বাঢ়নী পানীয়ে বানপানীৰ সৃষ্টি কৰিছে । ইপিনে ৰুণীখাতাৰ পৰা লাইমুথি গাঁৱৰ সংযোগী পথৰ চাম্পুৰ নৈৰ ওপৰত থকা কাঠৰ দলংখনৰ কালি বিস্তৰ ক্ষতিসাধন হয় । ফলত যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজে ।

Chirang flood situation
বান পৰিস্থিতি অধিক শোচনীয়

বৃহস্পতিবাৰে ৰাতিপুৱাৰ পৰা ভাৰত-ভূটান সীমান্তৰ আই, লালাই, মাক্ৰা, নাঙলভাঙা আদি নৈৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে । উল্লেখ্য যে কালি নিশাৰ ভাগত খুংখ্ৰাঝোৰা গাঁৱত মাক্ৰা নৈৰ বাঢ়নী পানীৰ মাজত চাৰিটাকৈ পৰিয়াল আবদ্ধ হৈ পৰিছিল । নিশাৰ ভাগতে বিজনী মহকুমা প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিৰ উপস্থিতিত এচডিআৰএফ বাহিনীৰ এটা দলে ৰবৰৰ নাও ব্যৱহাৰ কৰি চাৰিটা পৰিয়ালক উদ্ধাৰ কৰে ৷

Chirang flood situation
বান পৰিস্থিতি অধিক শোচনীয়

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীত নিজলা নৈৰ ভয়ংকৰ ৰূপ । নিজলা নৈৰ বাঢ়নী পানীত ভাগি পৰিল ভাৰত-ভূটান সংযোগী এনএইচপিচি উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী টাৱাৰ । বুধবাৰৰ পুৱাৰে পৰা ফেনে ফুটুকাৰে বাঢ়ি অহা নৈ, উপ-নৈ সমূহৰ বাঢ়নী পানীত বহু গাঁও ক্ষতিগ্ৰস্থ হৈছে । এয়া জিলাখনৰ নাঙলভাঙা গাঁৱৰ দৃশ্য, য’ত কালিৰে পৰা যাতায়াত বিচ্ছিন্ন হৈ পৰিছে । ভূটানৰ পৰা নামি অহা পানীৰে নাঙলভাঙা নৈৰ বানত আৱদ্ধ ২০/২৫ খন গাঁও । যাতায়াত একেবাৰে বিচ্ছিন্ন । একমাত্ৰ মাথাউৰিটোও উটি যোৱাত পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে । নিশা পানী কিছু কমিছিল যদিও পুৱাৰে পৰা পানী বৃদ্ধি হৈয়ে আছে । পশুধন আৱদ্ধ নৈৰ মাজত । ৰোগীক লৈ হাহাকাৰ অৱস্থা । কিন্তু কোনো উপায় নাই নৈ পাৰ হোৱাৰ ৷

Chirang flood situation
বান পৰিস্থিতি অধিক শোচনীয়

অপৰিৱৰ্তিত বান পৰিস্থিতিত দৈনিক নতুন নতুন ঠাই প্লাৱিত হৈ পৰিছে । চিৰাঙৰ নিচিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমচ বসুমতাৰীয়ে জিলাখনৰ বানপৰিস্থিতিৰ বিষয়ে বুজ লয় । কিয় বিভিন্ন ঠাইৰ বানাক্ৰান্তক এতিয়াও ৰেচন দিবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসনে ? জিলা খনৰ বান পৰিস্থিতিৰ বিষয়ে জনোৱাৰ লগতে বানপ্ৰতিৰোধৰ ব্যৱস্থা লোৱাৰ বাবে পাৰিষদজনে দাবী জনালে অসম চৰকাৰৰ ওচৰত ।

সুবাইঝাৰত বিজনী সংযোগী পকি পথচোৱাৰ ওপৰেৰে এক কঁকাল পানী বাগৰিছে । কুংক্ৰাঝোৰা, সুবাইঝাৰকে আদি কৰি বহু গাঁও প্লাৱিত । কুংক্ৰাঝোৰাত বান সাহাৰ্য্য শিবিৰতো পানী সোমাইছে । কালামাটীৰ বান্ধ ভাগি মাক্ৰা নৈৰ পানী সোমাইছে এই সমূহ অঞ্চলত । বহু পথ উটি যোৱাৰ লগতে দলঙৰ কাৰ্লভাৰ্ট উটি গৈছে । নিশাৰ ভাগত কি হয় সেয়া এতিয়া আতংকৰ বিষয় হৈ পৰিছে ।

সুবাইঝাৰত ৰোগী নিয়াৰ বাবে এম্বুলেন্স মাতি আনে যদিও তেল নাথাকে এম্বুলেন্সৰ । চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে তেল যোগান ধৰে যদিও গাড়ী ষ্টাৰ্ট নহয় পিচত ৰাইজৰ সহযোগত বিধায়কজনে নিজেও এম্বুলেন্স ঠেলি ষ্টাৰ্ট কৰিবলগীয়া হয় । চিৰাং জিলা প্ৰশাসনে জিলাখনত ইতিমধ্যে ২৯ খন গাঁও ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিছে । জিলাখনৰ ১০ হেজাৰ লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য পোৱা গৈছে ।

লগতে পঢ়ক : Chirang Flood news : বানৰ কৱলত চিৰাং জিলা; বন্যাৰ্তৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.