ETV Bharat / state

চিৰাঙৰ বানপীড়িত অঞ্চল পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ - হাগ্ৰামা

শুকুৰবাৰে চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ উক্ত অঞ্চলত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে বানাক্ৰান্তৰ বুজ লোৱাৰ উপৰিও সকলো প্ৰকাৰৰ সহায়-সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে ৷ দুপৰীয়া ১২ বজাত চিৰাং জিলাৰ আই নদীৰ ওপৰত থকা হাগ্ৰামা দলঙৰ উত্তৰে পলাংসুগুৰিত আই আৰু নাঙলভাঙা নদীৰ গৰাখহনীয়া আৰু ইয়াৰ প্ৰতিকাৰৰ বুজ লয় ৰাজ্যপাল গৰাকীয়ে । তাৰ পিচত পোনে পোনে মালিপাৰা এম ই স্কুলত থকা বন্যাৰ্তৰ আশ্ৰয় শিবিৰৰ বুজ লয় আৰু দঙাপেটা প্ৰাথমিক বিদ্যালয়ৰ শিবিৰ পৰিদৰ্শন কৰি সাহায্য সামগ্ৰী আৰু অন্যান্য পৰিস্থিতিৰ বিষয়ে বুজ লয় ৰাজ্যপাল গৰাকীয়ে ।

CHIRANG FLOOD AFFECTED AREA VISIT ASSAM GOVERNOR
চিৰাঙৰ বানপীড়িত অঞ্চল পৰিদৰ্শন ৰাজ্যপালৰ
author img

By

Published : Jul 24, 2020, 7:46 PM IST

চিৰাং, 24 জুলাই : ৰাজ্যত বানপানীৰ কবলত পৰিছে প্ৰায় 28 খন জিলা ৷ শেহতীয়াভাৱে বানত ব্যাপকভাৱে প্ৰভাৱিত হৈছে ৰাজ্যৰ 74 টা ৰাজহ চক্ৰৰ মুঠ 2,634 খন গাঁও ৷ ৰাজ্যৰ অন্ন জিলাৰ লগতে চিৰাং জিলাতো বানপানীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে,জিলাখনত ক্ষতিগ্ৰস্ত হোৱা লোক সকলে আশ্ৰয় শিবিৰত বসবাস কৰিছে ৷

চিৰাঙৰ বানপীড়িত অঞ্চল পৰিদৰ্শন ৰাজ্যপালৰ

শুকুৰবাৰে চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ উক্ত অঞ্চলত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে বানাক্ৰান্তৰ বুজ লোৱাৰ উপৰিও সকলো প্ৰকাৰৰ সহায়-সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে ৷ দুপৰীয়া ১২ বজাত চিৰাং জিলাৰ আই নদীৰ ওপৰত থকা হাগ্ৰামা দলঙৰ উত্তৰে পলাংসুগুৰিত আই আৰু নাঙলভাঙা নদীৰ গৰাখহনীয়া আৰু ইয়াৰ প্ৰতিকাৰৰ বুজ লয় ৰাজ্যপাল গৰাকীয়ে । তাৰ পিচত পোনে পোনে মালিপাৰা এম ই স্কুলত থকা বন্যাৰ্তৰ আশ্ৰয় শিবিৰৰ বুজ লয় আৰু দঙাপেটা প্ৰাথমিক বিদ্যালয়ৰ শিবিৰ পৰিদৰ্শন কৰি সাহায্য সামগ্ৰী আৰু অন্যান্য পৰিস্থিতিৰ বিষয়ে বুজ লয় ৰাজ্যপাল গৰাকীয়ে ।

লগতে,অসমৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ কথাও অৱগত কৰে ৰাজ্যপাল গৰাকীয়ে । অসমৰ কৃষকৰ যি সমুহ ভূমি গৰাখহনীয়াত জাহ যোৱা কৃষিভূমিৰ ক্ষয়-ক্ষতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব বুলিও বানাক্ৰান্তক আশ্বাস প্ৰদান কৰে ৰাজ্যপাল গৰাকীয়ে ৷ আনহাতে,ৰাজ‍্যপালৰ চিৰাং ভ্ৰমণৰ সময়ত বিটিচিৰ মুখ‍্য সচিব,বিটিচি আইজিপি অনুৰাগ আগৰৱালা,জিলা উপায়ুক্ত গৌতম তালুকদাৰ, আৰক্ষী অধীক্ষক সুধাকৰ সিং,আৰু অন‍্যান‍্য সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে,বিটিচিত ৰাজ্যপালৰ শাসন বলবৎ হোৱাৰে পৰা ৰাজ্যপাল গৰাকীয়ে নিয়মিত ভাৱে বিটিচিৰ ভ্ৰমণ কৰি আহিছে ।

লগতে পঢ়ক : নিৱনুৱাৰ বাবে আদৰ্শ নলবাৰীৰ শেৱালি আৰু অনামিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.