ETV Bharat / state

চিৰাঙত মুৰে-কপালে হাত দিছে কৃষকে

author img

By

Published : Mar 7, 2021, 10:58 AM IST

চিৰাঙত মুৰে-কপালে হাত দিছে কৃষকে ৷ শ শ বিঘা কৃষি ভূমিত আলু খেতি কৰিছে । আলুৰ উৎপাদন ভাল হৈছে কিন্তু দাম নাই । এই ক্ষেত্ৰত চৰকাৰেও গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷

As_Chg_01_chirang-farmers-in-loss-for-low-price_vis_as10012
চিৰাঙত মুৰে-কপালে হাত দিছে কৃষকে

চিৰাং,7 মাৰ্চ: চিৰাঙত মুৰে-কপালে হাত দিছে কৃষকে ৷ শ শ বিঘা কৃষি ভূমিত আলু খেতি কৰিছে । আলুৰ উৎপাদন ভাল হৈছে কিন্তু দাম নাই । এই ক্ষেত্ৰত চৰকাৰেও গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ সকলো ব্যস্ত নিৰ্বাচনক লৈ ৷ দৰিদ্ৰ এইসকল কৃষকৰ সমস্যাক লৈ ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰো নাই কোনো গুৰুত্ব ৷ কেৱল টিকট কেন্দ্ৰিক ৰাজনীতিত ব্যস্ত হৈ আছে ৰাজ্য চৰকাৰ ৷

চিৰাং জিলাৰ বিজনীৰ ২ নং ছাতিয়ানগুৰিত মাণিক মজুমদাৰ নামৰ কৃষকজনে প্ৰায় দহ বিঘা মাটিত আলু খেতি কৰি মুৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে । আলুৰ উৎপাদন আশানুৰূপ হৈছে যদিও বজাৰত আলুৰ দাম নাই । কেজি প্ৰতি ৬ টকা দৰত বিক্ৰী কৰিবলগীয়া হৈছে আলু ।

চিৰাঙত মুৰে-কপালে হাত দিছে কৃষকে

খেতিয়কগৰাকীয়ে বিঘাই প্ৰতি ৪০ হেজাৰ টকা খৰচ কৰি আলু খেতি কৰিছিল যদিও আলু বৰ্তমান বিক্ৰী হৈছে পানীৰ দৰত ৷ সম্প্ৰতি বিঘাই প্ৰতি কৃষকসকলে লাভ কৰে মাত্ৰ ১৬-১৭ হেজাৰ টকাহে । গতিকে অধিকাংশ কৃষক লোকচানৰ সন্মুখীন হৈছে ৷

লগতে পঢ়ক-অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথৰ টিকট লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.