ETV Bharat / state

এম বাথা সন্দৰ্ভত বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া - প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ

প্ৰাক্তন এনডিএফবি কেডাৰ এম বাথা পুনৰ উগ্ৰপন্থী সংগঠনলৈ যোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনডিএফবিৰ প্ৰাক্তন সভাপতি তথা বিপিএফৰ পাৰিষদ ছাইকং বসুমতাৰী ওৰফে বি ছাউৰাইগ্ৰাই ৷

এম বাথা সন্দৰ্ভত ছাইকং বসুমতাৰী ওৰফে বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ

author img

By

Published : Mar 7, 2021, 12:22 PM IST

চিৰাং,7 মাৰ্চ: এনডিএফবিৰ প্ৰাক্তন নেতা এম বাথা পুনৰ উগ্ৰপন্থী সংগঠনলৈ যোৱাৰ সন্দৰ্ভত প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰক দায়ী বুলি মন্তব্য কৰে এনডিএফবিৰ প্ৰাক্তন সভাপতি তথা বিপিএফৰ পাৰিষদ ছাইকং বসুমতাৰী ওৰফে বি ছাউৰাইগ্ৰাই ৷ বসুমতাৰীৰ মতে, এনডিএফবিৰ সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰ সমূহ উঠাই ল'ব নে নাই সেয়া প্ৰমোদ বড়োৰ চৰকাৰে জানিব ৷ তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব নোৱাৰি আনক দোষাৰোপ কৰি আছে ৷ এম বাথা সন্দৰ্ভত মোৰ হাতত কোনো তথ্য নাই ৷ গোচৰ উঠোৱা আৰু সদস্যসকলক সংস্থাপন দিয়াৰ দায়িত্ব চৰকাৰৰহে ৷ এইবুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বি ছাউৰাইগ্ৰাই ৷

বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া

শনিবাৰে কাজলগাঁৱত সংবাদ মাধ্যমৰ আগত এনডিএফবিৰ প্ৰাক্তন সভাপতি গৰাকীয়ে কয় যে, এম বাথাই ক'ত আছে, কি কৰি আছে সেয়া মই জ্ঞাত নহয় ৷ শান্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমি মূলসূঁতিলৈ অহাৰ সময়তে সংগঠন ভংগ কৰা হৈছে ৷ তেতিয়াৰ পৰা আমাৰ কোনো যোগাযোগ নাই ৷

লগতে পঢ়ক: অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথৰ টিকট লাভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.