চিৰাং,3 মে': দেওবাৰে ভোট গণনাৰ অন্তত চিৰাং জিলাৰ ১ নং বাসুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পাকৰিগুৰী গাঁৱত সংঘটিত হয় এক নিৰ্বাচনকেন্দ্ৰিক সংঘাত । ইউপিপিএল আৰু বিপিএফৰ সমৰ্থকৰ মাজত সংঘটিত হয় এই সংঘাত ৷ এই নিৰ্বাচনকেন্দ্ৰিক সংঘাতত ইউপিপিএলৰ এজন আৰু বিপিএফৰ আঠজনকৈ সমৰ্থক গুৰুতৰভাৱে আহত হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে ঘোষণা হোৱা বহু প্ৰত্যাশিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ অন্তত সন্ধিয়া ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ বাসুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চিৰাং জিলাৰ পাকৰিগুৰী গাঁৱত ইউপিপিএলৰ সমৰ্থকে বিজয়-উল্লাস কৰি ফটকা ফুটায় ৷
ইয়াৰ পাচতে বিপিএফৰ এজন সমৰ্থকৰ দোকানত প্ৰৱেশ কৰে ইউপিপিএলৰ সমৰ্থকসকলে ৷ দোকানত প্ৰৱেশ কৰি ইউপিপিএলৰ সমৰ্থকসকলে বিপিএফৰ সমৰ্থকজনক মাৰপিট কৰে ৷ এই সংঘাতত ইউপিপিএলৰ এজন আৰু বিপিএফৰ 8 জনকৈ সমৰ্থক গুৰুতৰভাৱে আহত হয় ৷
ইফালে, বিপিএফৰ সমৰ্থকক ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ইউপিপিএলৰ সমৰ্থকৰ বিৰুদ্ধে ৷ যাৰ ফলত বাসগৃহ এৰি পলাই থাকিবলগীয়া হৈছে ভুক্তভোগী পৰিয়ালকেইটাই ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বাসুগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
অন্য এক খবৰ: নিৰ্বাচন সদন হৈছে দিল্লীৰ নতুন শ্মশান: সাংসদ মহুয়া মৈত্ৰা