ETV Bharat / state

কৃষিকৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন চিৰাঙৰ এজন যুৱকৰ

author img

By

Published : Jan 28, 2021, 3:17 PM IST

চিৰাঙৰ বেংতল শালবাৰী গাঁৱৰ যুৱক অমৰসিং বসুমতাৰীয়ে ষ্ট্ৰবেৰীৰ খেতিৰে দেখুৱাইছে আত্ননিৰ্ভৰশীলতাৰ পথ ৷ 70-80 হাজাৰ টকা খৰচ কৰি বছৰি যুৱকজনে উপাৰ্জন কৰিছে 5ৰ পৰা 6লাখ ৷ বৃহস্পতিবাৰে যুৱকজনৰ এই ষ্ট্ৰবেৰী খেতি পৰিদৰ্শন কৰে বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক কনক ৰায়ে ৷

কৃষিকৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন চিৰাঙৰ এজন যুৱকৰ
কৃষিকৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন চিৰাঙৰ এজন যুৱকৰ

চিৰাং,28জানুৱাৰী: কৃষিকৰ্মৰেও হব পাৰি আত্মনিৰ্ভশীল ৷ ৫ৰ পৰা ৬ লাখ টকা আয় কৰিব পাৰি কৃষিকাৰ্যৰ দ্ধাৰা ৷ ইয়াৰে এক উদাহৰণ দাঙি ধৰিছে চিৰাঙৰ এজন স্নাতক ডিগ্ৰীধাৰী যুৱকে ৷ যুৱকজন চিৰাং জিলাৰ অতিকে ভিতৰুৱা অঞ্চল বেংতল শালবাৰী গাঁৱৰ অমৰসিং বসুমতাৰী ৷ যুৱকজনে চৰকাৰী চাকৰিৰ কোনো আশা নকৰি আৰম্ভ কৰিছে কৃষি কৰ্ম। কলেজত পঢ়ি থকা সময়ৰ পৰাই কৃষি কৰ্মৰ প্ৰতি ধাউতি আছিল অমৰৰ। যাৰ বাবে কলেজীয়া শিক্ষা শেষ কৰি উদালগুৰীৰ চিনাকি বন্ধুৰ লগতে ইউটিউবৰ জৰিয়তে ষ্ট্ৰবেৰী খেতিৰ শিক্ষা গ্ৰহণ কৰি আৰম্ভ কৰিছে এই কৃষিকাৰ্য ।

ইয়াৰ পিচতে হিমাচলত থকা এজন বন্ধুৰ সৈতেও যোগাযোগ কৰি ষ্ট্ৰবেৰীৰ পুলি আনি তিনিবিঘা মাটীত খেতি কৰে এই যুৱকজনে । যাৰ জৰিয়তে প্ৰতি বিঘা ষ্ট্ৰবেৰী খেতিত ৭০ৰ পৰা ৮০ হেজাৰ টকা খৰচ কৰি বিঘাই প্ৰতি ৫ৰ পৰা ৬ লাখ টকা আয় কৰি আছে যুৱকজনে । এই ক্ষেত্ৰত কৃষি বিভাগেও বিভিন্ন ধৰণে সহায় কৰিছে বুলি জনায় যুৱকজনে ৷

যুৱকজনে এই কৃষিকৰ্মৰ জৰিয়তে নিজৰ লগতে আন বহু নিৱনুৱা যুৱককো জীৱন নিৰ্বাহৰ এক পথ বাচি দিছে ৷ ষ্ট্ৰবেৰীৰ লগতে আন বহু শাক-পাচলিৰ খেতিও কৰিছে যুৱকজনে ৷ যুৱকজনৰ এই সাফল্যত আপ্লুত হৈ আজি বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক কনক ৰায়ে যুৱকজনৰ ষ্ট্ৰূবেৰী খেতি পৰিদৰ্শন কৰে ৷ তেওঁ কয় যে এয়া সচাকৈ অসমৰ কৃষি বিভাগৰ বাবে এটা ভাল খবৰ ৷

অন্য এক খবৰৰ বাবে: উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ চীনা নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.