ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলা প্ৰশাসনৰ বিশেষ সভা - আগন্তক 74সংখ্যক স্বাধীনতা দিৱস

15 আগষ্টত দেশে পালন কৰিব 74 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে আইন-শৃংখলা ব্যৱস্থা বৰ্তাই ৰখাৰ বাবে চিৰাং জিলা প্ৰশাসনে এক বিশেষ সভাত মিলিত হয় ৷

স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলা প্ৰশাসনৰ বিশেষ সভা

author img

By

Published : Aug 5, 2020, 12:16 AM IST

চিৰাং, 5 আগষ্ট : চিৰাঙত কটকটীয়াভাৱে সামাজিক দুৰত্ব বজাই ৰাখি স্বাধীনতা দিৱস উদযাপনৰ সিদ্ধান্ত । জিলা প্ৰশাসনে বাতিল কৰিছে বহু অনুষ্ঠান । স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহন কৰা সকলো লোকেই কৰিব লাগিব কোভিড-১৯ৰ পৰীক্ষা ।

স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলা প্ৰশাসনৰ বিশেষ সভা
স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলা প্ৰশাসনৰ বিশেষ সভা

জিলা প্ৰশাসনে সামাজিক দুৰত্ব ৰক্ষা কৰি স্বাধীনতা দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জিলা উপায়ুক্তৰ কাৰ্যালয়ত আগন্তক 74সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত জিলা প্ৰশাসনৰ সভাত এই গুৰুত্বপুৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জাৰী কৰা নিৰ্দেশনা অনুসৰি চিৰাং জিলা প্ৰশাসনে স্বাধীনতা দিৱস কটকটীয়াভাৱে সামাজিক দুৰত্ব ৰক্ষা কৰি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে জিলা পেৰেড গ্ৰাউণ্ডত । জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত জিলা অতিৰিক্ত উপায়ুক্ত বিশ্বজিত গোস্বামী,কৰ্মদেব ব্ৰহ্ম,ৰিংখাং মুচাহাৰী,জিলা আৰক্ষীৰ প্ৰতিনিধি,অৰ্ধ সামৰিক বাহিনী,জিলা প্ৰশাসন,বিভিন্ন বিভাগৰ বৰমুৰীয়াসকল উপস্থিত থাকে ।

সভাত উপস্থিত বিষয়াসকলক সম্ভোধন কৰি জিলা উপায়ুক্তজনে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে দিয়া স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত নিৰ্দেশাৱলীসমূহ অৱগত কৰায় । কোভিড-১৯ৰ সংক্ৰমনৰ পৰা ৰক্ষাৰ বাবে এইবাৰ স্বাধীনতা দিৱস উদযাপনত বহু অনুষ্ঠান বাতিল কৰা হৈছে আৰু নিৰ্দিষ্টসংখ্যক আসন থাকিব অতিথিসকলৰ বাবে । প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰনৰ বাৰে-ৰহনীয়া অনুষ্ঠানৰ সৈতে উপস্থিত থাকিছিল যদিও এইবাৰ সেইসমূহ সকলো বাতিল কৰিছে । যাৰ বাবে ছাত্ৰ-ছাত্ৰী বা কোনো লোকক আমন্ত্ৰণ জনোৱা নহ'ব বুলিও উপায়ুক্তজনে জনায় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি এইবাৰৰ স্বাধীনতা দিৱস কোভিড যোদ্ধাসকলৰ নামত উৎসৰ্গা কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে সভাত । স্বাধীনতা দিৱসত সকলো কোভিড যোদ্ধাক জিলা প্ৰশাসনে তেওঁলোকৰ অৰিহনা,ত্যাগ আৰু পৰিশ্ৰমক সন্মান জনোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰে । স্বাধীনতা দিৱস উদযাপনস্থলীত উপস্থিত হোৱা প্ৰতিজন লোকৰে স্বোৱাৱ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ বাবেও জিলা উপায়ুক্তজনে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক নিৰ্দেশ প্ৰদান কৰে । সভাত উপস্থিত থকা সকলো লোককে উপায়ুক্তজনে নিৰ্দেশ দিয়ে জিলাখনত কোভিড-১৯ৰ সংক্ৰমন ৰোধৰ বাবে সামাজিক দুৰত্ব বজাই ৰখা,মুখত মাস্ক ব্যৱহাৰ কৰা,ছেনিটাইজাৰ ব্যৱহাৰ কৰা,পৰিষ্কাৰকৈ থকা,জন সমাগম পৰিহাৰ কৰা,সন্দেহজনক লোকৰ পৰা দুৰত্ব বজাই ৰখাৰ বাবে । এই বছৰ চিৰাং জিলাত স্বাধীনতা দিৱস উদযাপন আৰম্ভ হ'ব মুখ্য অতিথিৰ দ্বাৰা শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলিৰে,অসম আৰক্ষী আৰু সশস্ত্ৰ বাহিনীৰে অভিবাদন,জাতীয় পতাকা উত্তোলন,ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু মুখ্য অতিথিৰ ভাষন থাকিব বুলি সভাত সিদ্ধান্ত গ্ৰহন কৰে ।

লগতে পঢ়কঃ নগাঁৱত আৰক্ষীৰ দলৰ ব্যাপক টহল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.