চিৰাং, 25 আগষ্টঃ অসমলৈ সুখবৰ কঢ়িয়াই আনিলে চিৰাঙৰ “দৈজিং উৎসৱ-২০১৯-২০২০”য়ে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ WOW AWARD 2020 ত জিলিকিল দৈজিং উৎসৱ । ৫ টাকৈ শিতানত শ্ৰেষ্ঠত্ব অৰ্জন দৈজিং উৎসৱৰ । দৈজিং মহোৎসৱ আয়োজক সমিতিৰ সভাপতি তথা চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ আৰু সম্পাদক অশোক ব্ৰহ্মই সংবাদ মেল অনুষ্ঠিত কৰি সদৰি কৰে এই কথা । দৈজিং উৎসৱ-২০১৯-২০২০”য়ে শিতানকেইটা হৈছে ক্ৰমে...
1. বৰ্ষটোৰ শ্ৰেষ্ঠ গ্ৰাম্য সক্ৰিয়কৰণ বঁটা
2. চৰকাৰৰ বিশেষ কাৰ্যসূচীৰ বঁটা
3. গ্ৰাম্য সম্পদ জড়িতকৰণৰ ক্ষেত্ৰত
4. জ্ঞান বিনিময়
5. শতিকাটোৰ বিশেষ কাৰ্যসূচী
উল্লেখ্য যে, ২০১৯ চনৰ ২৭ ডিচেম্বৰৰ পৰা ২০২০ চনৰ ৭ জানুৱাৰীলৈ অনুষ্ঠিত হৈছিল চতুৰ্থ সংখ্যক দৈজিং উৎসৱ । চিৰাঙৰ আই নৈৰ ওপৰত থকা হাগ্ৰামা দলঙৰ সমীপত আই নৈৰ বালিচৰত অনুষ্ঠিত হৈছিল এই উৎসৱ । ১২ দিনীয়া এই উৎসৱত ১৫ লাখ লোকে উপভোগ কৰিছিল । বলীউদৰ বিশাল-শেখৰ, মিকা সিঙকে ধৰি বহু শিল্পীয়ে অংশ লৈছিল উৎসৱত । আনহাতে, বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা এই উৎসৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু নেতায়ে অংশগ্ৰহণ কৰিছিল ।
লগতে পঢ়কঃ বেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ