চিৰাং, 24 জুলাই: চিৰাং জিলাত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷ জিলাখনত এতিয়ালৈকে মুঠ 167 গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে 117 গৰাকী লোকে ৷ বৰ্তমানেও 50 গৰাকী ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে ৷
বিগত 24 ঘন্টাত জিলাখনত 16 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি ৷ শুকুৰবাৰে আক্ৰান্ত হোৱা কেইজনৰ মাজত হৈছে ক্ৰমে বাসুগাঁৱৰ ঝৰ্ণা জল কোম্পানীৰ কৰ্মচাৰী তপন সাহা (28), ৰুনিখাতাৰ 8 গৰাকী , আমটেকা এলেংমাৰীৰ এজন, বিজনী কাৱাটিকা বন্ধন বেংকৰ এজন কৰ্মচাৰী, বিজনী ভেটাগাঁও চিকিৎসালয়ৰ ক’ভিড আক্ৰান্ত চিকিৎসক এজনৰ মাতৃ, ইয়াৰ লগতে জিলাখনৰ চিদলী থানাৰ চাৰিজন আৰক্ষী জোৱান আক্ৰান্ত হয় ।
বাসুগাঁৱৰ ঝৰ্ণা জল কোম্পানীৰ এগৰাকী যুৱক ক’ভিড-19 পজিটিভ হোৱাৰ পিছতে বাসুগাঁৱত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় । যুৱক জন বাসুগাঁৱৰ নতুন বস্তিৰ তপন সাহা । শুকুৰবাৰে ঝৰ্ণা জলৰ ফেক্টৰীৰ সমূহ কৰ্মৰত কৰ্মচাৰী সকলক স্বাৱ পৰীক্ষা কৰোৱাৰ লগতে ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হয় ।
ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল সকলোৰে নিগেটিভ আহে যদিও স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । স্ৱাৱ সংগ্ৰহৰ ফলাফল নহালৈকে ঝৰ্ণা জল ফেক্টৰীৰ সমূহ কৰ্মচাৰীক হ’ম কোৱাৰেণ্টাইন মানি চলিবলৈ পৰামৰ্শ দিয়ে স্বাস্ব্য বিভাগে । জিলাখনত শুকুৰবাৰৰ দিনটোত মুঠ 58 গৰাকীৰ নমুনা সংগ্ৰহ কৰা হয় ।
লগতে চাওক-স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ব্যৰ্থ মন্ত্ৰীঃ সাংসদ গৌৰৱ গগৈ