ETV Bharat / state

ক'ৰণা সংক্ৰমণ : চিৰাঙত 21 জন আক্ৰান্ত - Chirang Covid-19

চিৰাঙত ক্ৰমাৎ বৃদ্ধি ক'ৰণাৰ সংক্ৰমণ ৷ আক্ৰান্তৰ সংখ্যা ২1 জনলৈ বৃদ্ধি ৷ 3 জন চিকিৎসালয়ত চিকিৎসাধীন, ১৮ জন ব্যক্তিক হোম কোৱাৰেন্টাইন ৷ জিলাখনত অব্যাহত ক'ভিড - ১৯ ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৷

কৰণা’ সংক্ৰমণ : চিৰাঙত 21 জন আক্ৰান্ত কৰণা’ত

author img

By

Published : Apr 12, 2021, 11:05 PM IST

বিজনী, 12 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ বিজনী আৰু বাসুগাঁৱৰ ৰেল ষ্টেচনত চিৰাং জিলাৰ বিজনীৰপৰা অহা যাত্ৰীক ক'ভিড পৰীক্ষা কৰি থকা হৈছে ৷ ক'ৰণা ভাইৰাছৰ দ্বিতীয় লহৰ আহি পোৱাত চিৰাং জিলাত স্বাস্থ্য বিভাগে পৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত সোমবাৰলৈকে মুঠ ২1 জন লোক ক'ভিড- ১৯ ত আক্ৰান্ত হোৱা বুলি জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷ চিৰাং জিলাত যোৱা ২৫ মাৰ্চৰ পৰা পৰীক্ষা পুনৰ আৰম্ভ কৰা হৈছে ৷ চিৰাঙত ক'ভিড - ১৯ ৰ অৱস্থিতি ধৰা পৰা মুঠ ২1 জন ৰোগীৰ চাৰি জনক কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ৰ আইচ'লেশ্যন কোঠাত ৰাখি চিকিৎসা প্ৰদান কৰি থকাৰ বিপৰীতে ১৮ গৰাকী লোকক হোম কোৱাৰেন্টাইনত ৰখা হৈছে ।

কৰণা’ সংক্ৰমণ : চিৰাঙত 21 জন আক্ৰান্ত কৰণা’ত

চিৰাং স্বাস্থ্য সেৱা বিভাগৰ জিলা ক'ভিড চাৰ্ভেইলেন্স বিষয়া ডাঃ দ্বীগেন ৰামছিয়াৰীয়ে প্ৰকাশ কৰা মতে, ১০ এপ্ৰিলত জিলাখনত ৫৮৪ জন লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পাছত আঠ জন লোকৰ দেহত কভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছে ৷ দেওবাৰে ৬১৮ জনৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় যদিও কোনো লোকৰ শৰীৰত ক'ভিড - ১৯ ৰ অৱস্থিতি ধৰা পৰা পৰিলক্ষিত হোৱা দেখা নাই । চিৰাঙৰ জিলা স্বাস্থ্য সেৱা বিভাগৰ জিলা টীকাকৰণ বিভাগৰ কাৰ্যালয় সহায়ক ভাস্কৰ ভট্টাচাৰ্যই প্ৰকাশ কৰা মতে, চিৰাং জিলাত এতিয়ালৈকে ১৭,৮৮২ জন লোকক ক'ভিশ্বীল্ড আৰু ১৯,১৪২ জনক ক'ভেক্সিন চিটা প্ৰদান কৰা হৈছে ।

এই প্ৰক্ৰিয়া স্বাস্থ্য বিভাগে অব্যাহত ৰাখিছে । দেশত উপলব্ধ হোৱা ক'ভিড-১৯ ৰ প্ৰতিৰোধী ঔষধ স্বীকৃতি লাভ কৰাৰ পাছতে ৰাজ্যখনলৈ অহা ক'ভিড-১৯ ৰ প্ৰতিৰোধী টীকা চিৰাং জিলাতো প্ৰদান কৰা হয় ৷ বিগত ১৬ জানুৱাৰীত জিলা সদৰ কাজলগাঁৱস্থিত জে এছ বি চিকিৎসালয়ত টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু তেতিয়াৰে পৰা বৰ্তমানলৈ অব্যাহত আছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । জিলা খনত সম্প্ৰতি ক'ভিড-১৯ ৰ প্ৰতিষেধক চিটা শেহতীয়া ভাৱে কিছু নাটনি চলিছে যদিও অহা সপ্তাহ মানে দূৰ হ'ব বুলি প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগৰ বিষয়া জনে ।

লগতে পঢ়ক : শেষ আখৰাত ব্যস্ত ঔগুৰী কপহুৱা সোণৰ খাৰু জেংবিহু দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.