ETV Bharat / state

চিৰাঙত তিনিদিনীয়াকৈ উত্তৰ-পূৱ চিআইএছএফ ইউনিট এথলেটিকছ প্ৰতিযোগিতা

বঙাইগাঁও শোধনাগাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সপ্তম উত্তৰ-পূৱ চিআইএছএফ ইউনিট এথলেটিকছ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ১৪ টা চিআইএছএফৰ ইউনিটৰ অৰ্ধশতাধিক পুৰুষ-মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷

author img

By

Published : Nov 10, 2021, 7:05 PM IST

Chirang
উত্তৰ পূৱ চিআইএছএফ ইউনিট এথলেটিকছ প্ৰতিযোগিতা

চিৰাং,১০ নৱেম্বৰ : চিৰাং জিলাৰ ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰৰ (Bongaigaon Refinery) ক্ৰীড়া প্ৰকল্পত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সপ্তম উত্তৰ-পূৱ চিআইএছএফ ইউনিট এথলেটিকছ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতা উদ্বোধন কৰে বঙাইগাঁও শোধনাগাৰৰ কাৰিকৰী বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক এছ বি লহকৰে ৷ খেলুৱৈসকলক শুভেচ্ছা জনাই বঙাইগাঁও শোধনাগাৰৰ কাৰিকৰী বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক এছ বি লহকৰে খেলুৱৈসকলক নিজৰ দক্ষতা প্ৰকাশ কৰি শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় ৷

এই খেলসমূহৰ জৰিয়তে শৰীৰটোক সুস্থ কৰি ৰখাতো সহায় কৰে বুলি তেওঁ উল্লেখ কৰে । এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ১৪ টা চিআইএছএফৰ ইউনিটৰ (CISF Unit) অৰ্ধশতাধিক পুৰুষ-মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাত ১৮ টা ইভেণ্টত খেল অনুষ্ঠিত কৰে ৷

চিৰাঙত তিনিদিনীয়াকৈ উত্তৰ-পূৱ চিআইএছএফ ইউনিট এথলেটিকছ প্ৰতিযোগিতা

এই এথলেটিকছ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় তেল নিগমৰ (IOCL) অধীনৰ বঙাইগাঁও শোধনাগাৰৰ চিআইএছএফৰ বঙাইগাঁও ইউনিটৰ কামাণ্ডেণ্ট পি ডি গাইছুং, বঙাইগাওঁ শোধনাগাৰৰ নিৰাপত্তা বিভাগৰ মহাপ্ৰৱন্ধক কল্যাণ সোণোৱালসহ কেইবাজনো বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে ৷ প্ৰতিযোগিতাৰ আৰম্ভণি দুটা খেলৰ বিজয়ী খেলুৱৈসকলক পুৰস্কাৰ বিতৰণ কৰা হয় ৷

লগতে পঢ়ক :হোজাইৰ বেদখলৰ আঁৰত জড়িত ছিণ্ডিকেট চক্ৰ : শিলাদিত্য দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.