চিৰাং, 25 জানুৱাৰী : "চৰকাৰে গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব নিদিয়ে, কেৱল সহস্ত্ৰ আন্দোলনকাৰী জনগোষ্ঠীসকলকহে সন্তুষ্ট কৰি ৰাখিব খোজে", এই মন্তব্য চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতি বিক্ৰমজিত ৰায়ৰ ৷
চিৰাং জিলাৰ চিদলীত শণিবাৰে সংবাদ মেল আয়োজন কৰি ইউটিচি গঠনৰ তীব্ৰ বিৰোধিতা চিলাৰায় উন্নয়ন মঞ্চৰ । সংবাদ মেলত চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতি বিক্ৰমজিত ৰায়ে বিটিচিক ইউটিচি কৰাৰ তীব্ৰ বিৰোধিতা কৰি কয় যে বিটিচি থাকোতেই বিভিন্ন অজনজাতীয় লোকৰ সকলো ধৰণৰ অধিকাৰ খৰ্ব হৈছে । তাৰ মাজতে আকৌ ইউটিচিলৈ উন্নত কৰিবলৈ লৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ অজনজাতীয় লোকৰ অস্তিত্ব বিপন্ন কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা ধৰণৰ নহয় । বিটিচিৰ কোনো দল সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনা নকৰাকৈ ইউটিচি দিবলৈ লৈছে । ইয়াত অজনজাতীয় অধিকাৰ সমুহ কি হ'ব বুলি প্ৰশ্ন কৰে বিক্ৰমজিত ৰায়ে । গতিকে ইউটিচিৰ প্ৰতিবাদত তীব্ৰ আন্দোলন হ'ব । আৰু চৰকাৰে পুনৰ এটা ভাতৃঘাতী/গোষ্টী সংঘৰ্ষৰ কাৰনে দায়ী হ'ব লাগিব বুলি মন্তব্য কৰে বিক্ৰমজিত ৰায়ে ৷ লগতে সভাপতিগৰাকীয়ে কয় যে, কোঁচ ৰাজবংশীসকল কিমান দিনৰ পৰা আন্দোলন কৰি আছে কিন্তু কমতাপুৰ স্বায়ত্ব শাসনৰ নামত কেবিনেট সিদ্ধান্তৰে 'ললিপপ' দিয়াহে পৰিলক্ষিত হৈছে । ছয়জনগোষ্ঠীৰ জনজাতীকৰণ নকৰিলে ।
চৰকাৰে গণতান্ত্ৰিক আন্দোলন বুজি নাপায় আৰু গুৰুত্ব নিদিয়ে । কিন্ত সহস্ত্ৰ আন্দোলন কৰা সকলক লৈ কেৱল এটা জনগোষ্টীক সন্তষ্ট কৰাৰ বাবে বিটিচিৰ পিচত পুনৰ ইউটিচি দিয়াৰ প্ৰচেষ্টা কৰিছে । ইয়াক কোনো চৰ্ততে মানি লোৱা নহ'ব বুলি কয় সভাপতি বিক্ৰমজিত ৰায়ে । চিলাৰায় উন্নয়ন মঞ্চৰ মুখ্য কাৰ্যলয়ত আয়োজিত সংবাদ মেলত চিলাৰায় উন্নয়ন মঞ্চৰ চিৰাং আৰু বঙাইগাঁও জিলা সমিতিৰ নেতৃত্বও উপস্থিত থাকে ।
লগতে পঢ়ক:বিটিএডিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হোৱা চুক্তি "মৰণফান্দ" চুক্তিঃ এবিএমছু