ETV Bharat / state

চিৰাঙত লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা

বুধবাৰে টকিঅ' অলিম্পিকৰ ছেমি ফাইনেলত অৱৰ্তীৰ্ণ হ'ব অসম কন্যা লাভলীনা বৰগোঁহাই ৷ অসমবাসীয়ে লাভলীনাই যাতে ছেমি ফাইলেনত বিজয় লাভ কৰে, তাৰ বাবে বন্তি প্ৰজ্বলন কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৷

author img

By

Published : Aug 3, 2021, 9:39 PM IST

চিৰাঙত লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা
চিৰাঙত লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা

চিৰাং, 3 আগষ্ট : বুধবাৰে টকিঅ' অলিম্পিকৰ ছেমি ফাইনেলত অৱৰ্তীৰ্ণ হ'ব অসম কন্যা লাভলীনা বৰগোঁহাই ৷ ইয়াৰ বাবে সমগ্ৰ ৰাজ্যতে চলিছে ব্যাপক চৰ্চা ৷ সমান্তৰালকৈ লাভলীনাৰ জয়ৰ কামনাৰে ৰাজ্যৰ সৰ্বত্ৰে থকা মঠ-মন্দিৰ, নামঘৰ আদি ধৰ্মীয় উপাসনাস্থলীসমূহত নাম-প্ৰসংগ কৰা পৰিলক্ষিত হৈছে ৷ তাৰমাজতে চিৰাং জিলাৰ কাজলগাঁৱস্থিত যোগকেন্দ্ৰতো চিৰাং জিলা ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায় ।

চিৰাঙত লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা
চিৰাঙত লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা

বন্তি প্ৰজ্বলন কাৰ্যসূচীত জিলা ক্ৰীড়া বিভাগৰ বিষয়া দশৰথ ব্ৰহ্ম আৰু চিৰাং জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মনোলাল বসুমতাৰীৰ উপৰি জিলাখনৰ বিভিন্ন এলেকাৰ পৰা অহা উদীয়মান মহিলা খেলুৱৈসকল উপস্থিত থাকে ৷ লাভলীনাই বৰগোঁহাইয়ে বুধাবাৰে ছেমি ফাইনেলত যাতে জয়লাভ কৰে, তাৰ বাবে এগছিকৈ বন্তি প্ৰজ্বলন কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে ।

লগতে পঢ়কঃ লাভলীনাৰ জয়ৰ কামনাৰে সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম-প্ৰসংগ

উল্লেখযোগ্য যে, চলিত টকিঅ' অলিম্পিক (Tokyo Olympics)ত অসম কন্যা লাভলীনা বৰগোঁহাই (Lovlina Borgohain)ৰ ছেমি ফাইনেল চাবলৈ বুধবাৰে 30 মিনিটৰ বাবে স্থগিত ৰখা হ’ব অসম বিধানসভা (Assam Assembly)ৰ সদনৰ কাৰ্যক্ৰমণিকা ৷

চিৰাঙত লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা
চিৰাঙত লাভলীনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা

মহিলা বক্সিঙৰ 69 কেজিৰ ছেমি ফাইনেলত তুৰ্কীৰ ৱৰ্ল্ড চেম্পিয়ন বুচেনাজ চুৰমেনেলী (Busenaz Surmeneli)ৰ সৈতে মুখামুখি হ’ব অসম কন্যা লাভলীনা ৷ কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ চেন নিয়েন চিন(Nien-Chin Chen of Chinese Taipei)ক পৰাস্ত কৰি লাভলীনাই ইতিমধ্যে ভাৰতক আন এটা অলিম্পিক পদকৰ আশ্বাস প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ সংৰক্ষণ হ’ব ভূপেনদাৰ গীত-মাতৰ লগতে বিভিন্ন সাংস্কৃতিক উপাদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.