চিৰাং, 19 মে': বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দেৰ চিৰাঙৰ বিজনীৰ ভেটাগাঁও চিকিৎসালয়ত ছাডেন ভিজিট ৷ মঙলবাৰে চিৰাং জিলাৰ বিজনীৰ ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰ অকস্মাৎ পৰিদৰ্শন কৰে বিষয়াগৰাকীয়ে ৷
হাস্পতালখনত উপস্থিত হোৱাৰ সময়ত হাস্পতালখনত উপস্থিত নাছিল অধীক্ষক তথা একাংশ চিকিৎসক । সময়মতে চিকিৎসালয়খনত উপস্থিত নথকা কৰ্মচাৰীসকলৰ এমাহৰ দৰমহা কৰ্তনৰ হুংকাৰ দিয়ে বিষয়াগৰাকীয়ে ৷
ইপিনে, হাস্পতালখনত খালী হৈ থকা ফাৰ্মাচীষ্ট, ক্লিনাৰ আৰু গাইকোলোজিষ্টৰ পদত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব বুলিও কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ উল্লেখ্য যে, বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ সৈতে বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, মনোনীত সদস্য প্ৰদীপ কুমাৰ বায়ন, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়ো উপস্থিত থাকে ।
লগতে পঢ়ক : বিধায়ক জিতু গোস্বামীৰ আদৰণীয় পদক্ষেপ