ETV Bharat / state

চিৰাঙত বিটিচিৰ উপমুখ্য প্ৰধান খাম্পা বৰগয়াৰীক বিপুল সম্বৰ্ধনা - চিৰাঙত বিটিচিৰ উপমুখ্য প্ৰধান খাম্পা বৰগয়াৰীক বিপুল সম্বৰ্ধনা

চিৰাঙৰ ৰুণিখাটাত বিপিএফ দলৰ প্ৰাৰ্থী তথা বিটিচিৰ উপমুখ্য প্ৰধান খাম্পা বৰগয়াৰীক চিৰাং দুৱাৰ ব্লক কমিটি বিপিএফে বিপুল আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে । বিপিএফৰ ব্লক সভাপতি পূজাৰাম বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ বড়ো উপস্থিত থাকে ।

BTC Election 2020
BTC Election 2020
author img

By

Published : Mar 12, 2020, 7:45 PM IST

Updated : Mar 12, 2020, 8:17 PM IST

চিৰাং,12 মাৰ্চঃ চিৰাঙত বৃহস্পতিবাৰে বিটিচিৰ উপমুখ্য প্ৰধান খাম্পা বৰগয়াৰীক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ বিটিচিৰ ১৪নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ সম্বৰ্ধনা সভাত বৃহৎ সংখ্যক জনসাধাৰণ উপস্থিত থাকে । খাম্পা বৰগয়াৰীয়ে সভাখনত ভাষণ সন্দৰ্ভত নিৰ্বাচনত জয় লাভ কৰাতো 100 শতাংশ নিশ্চিত বুলি দাবী কৰে ৷ নেতাগৰাকীৰ প্ৰধান লক্ষ্য শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে অঞ্চলটোৰ উন্নয়ন আৰু শিক্ষাৰ আন্তঃগাঁথনি সৃষ্টি কৰা বুলি প্ৰকাশ কৰে ৷ বৰগয়াৰীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ইউপিপিএলৰ বি আৰ ফেৰেংগায়ে ৷

BTC Election 2020
বিটিচি নিৰ্বাচন 2020

ইফালে,বিভিন্ন ঠাইত দুৰ্বৃত্তই ইউপিপিএলৰ কাৰ্যালয় জ্বলোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত "কোনোবাই যদি কাৰোবাৰ কাৰ্যালয় জ্বলাইছে,সেয়া আৰক্ষীৰ কাম,আৰক্ষীয়ে নিশ্চয় ইয়াৰ ব্যৱস্থা ল’ব"বুলি মন্তব্য প্ৰকাশ কৰে ৷ লগতে বিপিএফ দলক দোষাৰোপ কৰিব পাৰে কিন্ত বিপিএফে শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰা বুলি উল্লেখ কৰে । বিপিএফৰ কোনো ব্যক্তি এই কাৰ্যত জড়িত নহয় বুলি স্পষ্টকৈ জনায় খাম্পা বৰগয়াৰীয়ে ৷

খাম্পা বৰগয়াৰীক বিপুল সম্বৰ্ধনা

উল্লেখ্য যে,বিগত পৰিষদীয় নিৰ্বাচনত চিৰাং জিলাৰ মুঠ ৭খন আসনৰ ভিতৰত বিপিএফে মাত্ৰ এখন আসন দখল কৰিবলৈ সক্ষম হৈছিল ৷ ১৪নং চিৰাং দুৱাৰ সমষ্টিৰ পৰা জয় লাভ কৰা খাম্পা বৰগয়াৰীৰ পৰাজিত প্ৰাৰ্থীৰ সৈতে ভোটৰ ব্যৱধান আছিল মাত্ৰ ৩৮ টা ৷

লগতে চাওকঃদুই এদিনতে গাত গেৰুৱা বৰণ সানিব এগৰাকী কংগ্ৰেছী বিধায়কে !

Last Updated : Mar 12, 2020, 8:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.