ETV Bharat / state

চিৰাং জিলা বিপিএফৰ পঞ্চম বাৰ্ষিক অধিৱেশনত 2021ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত ! - chirang-bpf-5th-yearly-conference

অধিৱেশনত বিজেপি আৰু ইউ পি পি এল দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ পাৰিষদ ছাইকং বসুমতাৰী আৰু বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰী ৷ এই অধিৱেশনতে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মুক্ত অসম গঢ়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰা হ'ব বুলি মন্তব্য কৰে বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীয়ে ৷

chirang-bpf-5th-yearly-conference-held-at-kajalgaon
চিৰাং জিলা বিপিএফৰ পঞ্চম বাৰ্ষিক অধিৱেশনঃ 2021ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত !
author img

By

Published : Jan 16, 2021, 6:09 PM IST

চিৰাং,16 জানুৱাৰী: চিৰাঙৰ জিলা সদৰ কাজলগাঁওৰ আৰাইখুংগ্ৰী পাৰ্কত শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চিৰাং জিলা বিপিএফৰ পঞ্চম বাৰ্ষিক অধিৱেশন ৷ পুৱা 10 বজাত পতাকা উত্তোলনেৰে আৰম্ভ হয় অধিৱেশন ৷ সভাৰ আৰম্ভণিতে বিপিএফৰ মূল কমিটী, মহিলা শাখা আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে জিলা সমিতি আৰু ব্লক কমিটীসমূহে ৷ লগতে শ্বহীদ বেদীত মাল্যৰ্পন কৰে বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীয়ে ৷ ইয়াৰ পিছতে আৰম্ভ হয় প্ৰতিনিধি সভা ৷ এই অধিৱেশনৰ প্ৰতিনিধি সভাত বিশেষকৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিব বুলি জনাইছে বিপিএফ দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে ৷ জিলা সভাপতি পানীৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই উদ্বোধনী ভাষণ দিয়ে ৷

বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীৰ মন্তব্য

অধিৱেশনত অংশগ্ৰহণ কৰি ইউ পি পি এল দলৰ এম চি এল এ বি আৰ ফেৰেঙ্গাৰ বিৰুদ্ধে সৰৱ হৈ পৰে 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ এম চিএল এ ছাইকং বসুমতাৰী ওৰফে বি ছাউৰাইগ্ৰা ৷ ছাইকং বসুমতাৰীয়ে মন্তব্য কৰে যে, ইউ পি পি এল দলে ভুৱা প্ৰতিশ্ৰুতিয়ে ৰাইজৰ পৰা ভোট গ্ৰহণ কৰি শাসনলৈ অহাৰ পাছতে প্ৰথমে বিটিআৰ চুক্তিৰ 7.2 নং দফা ৰূপায়ণ কৰাৰ প্ৰথম পদক্ষেপ হিচাপে কোকৰাঝাৰ জিলাৰ সৰলপাৰাত উচ্ছেদ চলাবলৈ গৈছিল ৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে তাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই ঘটনাৰ পাছতে অতি দুৰ্ভাগ্যজনক ভাৱে বিপিএফৰ ষড়যন্ত্ৰত তাত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বি আৰ ফেৰেঙ্গাই ৷ আনকি উক্ত ঘটনা ছাইকং বসুমতাৰীৰ নেতৃত্বতে সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল বি আৰ ফেৰেঙ্গাই ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিপিএফ দলৰ এম চি এল এ ছাইকং বসুমতাৰীয়ে ৷

জিলা সভাপতি পানীৰাম ব্ৰহ্মৰ মন্তব্য

আনহাতে অধিৱেশনত অংশগ্ৰহণ কৰি এই অধিৱেশনতে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মুক্ত অসম গঢ়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰা হ'ব বুলি মন্তব্য কৰে বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীয়ে ৷ বিজেপিয়ে কেৱল বড়ো জাতিকে নহয়, অসমৰ অন্যান্য সকলো জাতি-জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰিব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ গতিকে 2021 ৰ বিধানসভা নিৰ্বাচনত বিজেপি বিৰোধী শক্তিশালী স্থিতি লৈ, বিটিচিৰ 12 টা সমষ্টিয়েই বিপিএফৰ দখললৈ অনাৰ চেষ্টা কৰিব বুলি উল্লেখ কৰে খাম্পা বৰগয়াৰীয়ে ৷ আনহাতে কোকৰাঝাৰৰ সৰপাৰাত অবৈধভাৱে বসতি কৰা লোকসকলৰ বিৰুদ্ধে ইউ পি পি এল দলে উচ্ছেদ কাৰ্য সন্দৰ্ভত মন্তব্য কৰি ইউ পি পি এল দলক তীব্ৰ সমালোচনা কৰে বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীয়ে ৷

ছাইকং বসুমতাৰীৰ মন্তব্য

আনহাতে, এই অধিৱেশনতে আগন্তক বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে জিলা সভাপতি পানীৰাম ব্ৰহ্মই ৷

chirang-bpf-5th-yearly-conference-held-at-kajalgaon
চিৰাং জিলা বিপিএফৰ পঞ্চম বাৰ্ষিক অধিৱেশনত মন্ত্ৰী চন্দন ব্ৰহ্ম

উল্লেখ্য যে, সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত চিৰাং জিলাৰ সাতটা পৰিষদীয় সমষ্টিৰ পৰা পাঁচটা সমষ্টিতে আসন দখল কৰি বিটিচিৰ ভিতৰতে শক্তিশালী ৰূপত আছে বিপিএফ দল ৷ গতিকে বিপিএফ দলৰ চিৰাং জিলা সমিতিৰ এই অধিৱেশনতে জিলাখনত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে শক্তিশালী ৰণনীতি প্ৰস্তুত কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়কঃ অসমৰ ৰাইজে এজেপিক আদৰি লৈছে : লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.