ETV Bharat / state

এজাক বৰষুণতে খহি পৰিল বঙাইগাঁও শোধনাগাৰৰ দেৱাল

সাধাৰণ বৰষুণতে বঙাইগাঁও শোধনাগাৰ (Bongaigaon refinery)ৰ ৩০ মিটাৰ দেৱাল (Boundary wall) খহি পৰে । কথমপি ৰক্ষা পৰে বহু পথচাৰী । শোধনাগাৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

author img

By

Published : Jun 29, 2021, 8:19 AM IST

Chirang Bongaigaon refinery boundary wall broken
এজাক বৰষুণতে খহি পৰিল বঙাইগাঁও শোধনাগাৰৰ ৱাল

চিৰাং, 29 জুন : বঙাইগাঁও শোগনাগাৰ (Bongaigaon refinery)ত অঘটনা ৷ সোমবাৰে ৰাতিপুৱাৰে পৰা হোৱা বৰষুণৰ ফলত পুৱা প্ৰায় 4 বজাত চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ অধিনৰ বঙাইগাঁও শোগনাগাৰ (Bongaigaon refinery) ৰ ছাতিপুৰস্থিত চাৰিসীমাৰ দেৱাল (Boundary wall) প্ৰায় 30 মিটাৰ ভাঙি পৰে। ততালিকে উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষী তথা শোধনাগাৰ কৰ্তৃপক্ষক অৱগত কৰে ৷ ঘটনাটোৰ খবৰ লাভ কৰা পাছতেই ঘটনাস্থলীত চিআইএচএফ (CISF) তথা শোধনাগাৰ কৰ্তৃপক্ষৰ এটা দল আহি উপস্থিত হয় ৷

সমগ্ৰ ঘটনাটোৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় শোধনাগাৰ কৰ্তৃপক্ষই । ইফালে জিলাখনৰ ছাতিপুৰৰ গাঁৱলীয়া গড়কাপ্তানি পকি পথৰ কাষৰ দেৱালখন ভাঙি পৰাত শংকত হৈ পৰে স্থানীয় লোক সকল । কাৰণ দেৱালখন পথৰ দাঁতিকাষতেই স্থাপন কৰা হৈছে ৷ কিন্তু দেৱালখন পথৰফালে নপৰি তেল নিগমৰ ভিতৰৰ ফালে খহি পৰে ৷ যদি কিবা কাৰণত দেৱালখন পথৰ দিশে পৰিল হয় তেনেহলে কোনো গুৰুতৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ যিহেতু উক্ত পথটোৰে বহু লোকে যাতায়ত কৰে ৷

আনহাতে, শোগনাগাৰৰ চাৰিসীমাৰ বেৰ (Boundary wall) ৰ এটা অংশ খহি পৰাত এতিয়া আঙুলি টোৱাইছে শোধনাগাৰ কৰ্তৃপক্ষৰ বিষয়া-কৰ্মচাৰীলৈ ৷ শোগনাগাৰটোৰ চাৰিসীমাত থকা দেৱালখনৰ কাম অতি নিম্ন মানৰ হোৱাৰ বাবেই এতিয়া এনে ঘটনা সংঘটিত হৈছে বুলি অভিযোগ কৰিছে ৰাইজে ৷

শোধনাগাৰটোৰ চাৰিবেৰ নিৰ্মাণৰ বাবে যি সকল ঠিকাদাৰে ঠিকা লাভ কৰিছিল সেই সকলৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৰাইজ ৷ সেয়েহে অতি শীঘ্ৰে শোগনাগাৰৰ দেৱালখন মেৰামতিৰ ব্যৱস্থা কৰাৰ লগতে উক্ত বিষয়টো তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷ নহ'লে এনেদৰে পৰিত্যক্ত অৱস্থাত থাকিলে হয়তো ইয়াতকৈ আৰু অন্য কোনো গুৰুতৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক-ৰাজ্যত পুনৰ মহিলা চিকিৎসকক যৌন নিৰ্যাতন সতীৰ্থৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.