ETV Bharat / state

বানক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ দাবীত ৰাজ‍্যজুৰি আমছুৰ মানৱ শৃংখল প্ৰদৰ্শন - Erosion

সোমবাৰে সমগ্ৰ ৰাজ্যত অসমৰ বান সমস‍্যা সন্দৰ্ভত আমছুয়ে প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷ চিৰাং জিলাৰ পলাংশুগুৰিৰ আই নদীৰ পাৰত এই শৃংখল প্ৰদৰ্শন কৰে সংগঠনটোৱে ৷ একেদৰে বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথতো ৰূপায়ণ কৰা হয় একে কাৰ্যসূচী ৷

Chirang Bongaigaon AAMSU protest assam etv bharat news
আমছুৰ মানৱ শৃংখল প্ৰদৰ্শন
author img

By

Published : Jul 27, 2020, 3:39 PM IST

চিৰাং,27 জুলাই: সদৌ অসম সংখ‍্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে সোমবাৰে সমগ্ৰ ৰাজ্যত অসমৰ বান সমস‍্যা সন্দৰ্ভত প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷ চিৰাং জিলাৰ পলাংশুগুৰিৰ আই নদীৰ পাৰত এই শৃংখল প্ৰদৰ্শন কৰে সংগঠনটোৱে ৷ একেদৰে বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথতো ৰূপায়ণ কৰা হয় একে কাৰ্যসূচী ৷ সোমবাৰে দিনৰ প্ৰায় 12 বজাত দুয়োখন জিলাতে পৃথকে পৃথকে আমছুয়ে ৰূপায়ণ কৰে এই মানৱ শৃংখল ৷ তাৰপিছতে সংশ্লিষ্ট জিলা উপায়ুক্তৰ জৰিয়তে ছয় দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ মুখ‍্যমন্ত্ৰীলৈ প্ৰদান কৰে সংগঠনটোৱে ।

আমছুৰ মানৱ শৃংখল প্ৰদৰ্শন

ৰাজ্যত কৰ’ণা ভাইৰাছৰ সমান্তৰালকৈ বান আৰু গৰাখহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰি আতংকিত কৰি আহিছে জন সাধাৰণক । বানৰ ফলত ৰাজ্যৰ প্ৰায় 30 খন জিলাৰ লক্ষাধিক লোক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে 102 গৰাকী ব্যক্তিয়ে। বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে মুকলি আকাশৰ তলত নতুবা অস্থায়ী আশ্ৰয় শিবিৰত ৷ তদুপৰি বানাক্ৰান্তই অন্যান্য খাদ্য সংকটত ভোগাৰ লগতে লাভ কৰিবলৈ সক্ষম হোৱা নাই এটুপি বিশুদ্ধ খোৱাপানী ৷ তদুপৰি আজিকোপতি পশুখাদ্যৰ উপৰিও পৰ্যাপ্ত চিকিৎসা লাভ কৰা নাই বন্যাৰ্তই ৷

আনহাতে,বানৰ সমান্তৰালকৈ অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ ৷ কিন্তু পৰিতাপৰ বিষয় এয়ে যে অসমৰ বান সমস্যাক লৈ আজি পৰ্যন্ত কোনো গুৰুত্ব আৰোপ কৰা নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ৷ প্ৰতিবাদী দলটোৱে মুখ‍্যমন্ত্ৰীলৈ প্ৰদান কৰা স্মাৰকত বহুকেইটা দাবী উত্থাপন কৰে ৷ উক্ত দাবীসমূহ ক্ৰমে-বিশ্ববিদ্যালয় তথা আইআইটি-ৰ বিশেষজ্ঞ,অধ্যাপক আৰু গৱেষক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গৰাখহনীয়াস্থলীৰ বিজ্ঞানভিত্তিক অধ্যয়নৰ পিছত বৈজ্ঞানিক পদ্ধতিৰে বান আৰু খহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰা,গৰাখহনীয়া আৰু বানৰ কবলত ক্ষতিগ্ৰস্ত পৰিয়ালক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদানৰ দাবী,ক্ষতিগ্ৰস্তক বিশুদ্ধ খোৱাপানীৰ যোগানৰ দাবী, পশুধনৰ বাবে খাদ্য সামগ্ৰী তথা চিকিৎসা ব্যৱস্থাৰ দাবী,ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণৰ লগতে পুনৰ সংস্থাপনৰ দাবী আৰু ৰাজ্যৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী ইত্যাদি ৷

লগতে চাওকঃ মহামাৰীৰ মাজতো অব্যাহত বিটিচি নিৰ্বাচনৰ কুচকাৱাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.