চিৰাং, ৭ জানুৱাৰী: চিৰাং জিলাৰ বিজনী বিধান সভা সমষ্টিৰ অন্তৰ্গত ১ নং ছাৰাগাঁৱত বৃহস্পতিবাৰে বিজেপিৰ অনুসুচিত জাতি মৰ্চাৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় । বিজেপিৰ অনুসুচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নবাৰন মেধিৰ নিৰ্দেশ মৰ্মে অনুসুচিত জাতি (এচচি)মৰ্চাৰ উদ্যোগত ছাৰাগাঁৱৰ পৰা বিজনী চহৰলৈকে জনসম্পৰ্কৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে । এই কাৰ্যসূচীৰ জৰিয়তে ভোটাৰসকলক ভোটদানৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস চলায় ।
চিৰাং জিলাৰ অনুসুচিত জাতি মৰ্চাৰ উদ্যোগত সমষ্টিতোৰ প্ৰত্যেক ঘৰে ঘৰে গৈ জনসম্পৰ্কৰ সজাগতাৰ কাৰ্যসূচী ৰূপায়ন কৰে । এই কাৰ্যসূচীত উপস্থিত থাকে চিৰাং জিলাৰ বিজেপিৰ উপসভাপতি বিপিন চন্দ্ৰ দাস,বিজেপিৰ চিৰাং জিলাৰ অনুসুচিত জাতি মৰ্চাৰ সভাপতি বিশ্বজিত সৰকাৰ,১৯নং থুৰিবাড়ীৰ অনুসুচিত জাতি মৰ্চাৰ মণ্ডল কমিটিৰ সভাপতি শংঙ্কৰ আচাৰ্য আৰু বিজনীৰ বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কৰ্মকৰ্তাসকল ।
লগতে পঢ়ক: জামিন নাপালে অখিল গগৈয়ে