ETV Bharat / state

বিজনীৰ দহলাপাৰাস্থিত টোল গেটত বৃহৎ চিণ্ডিকেটৰাজ

author img

By

Published : May 22, 2021, 7:23 AM IST

Updated : May 22, 2021, 7:46 AM IST

বৃহৎ ৰাজহ ফাঁকিৰে লুণ্ঠন চলিছে চিৰাং জিলাৰ বিজনীৰ দহলাপাৰাস্থিত টোল গেটত ৷ নিশা ধন লুন্ঠনৰ গোপন মেচিন( হেণ্ড হোল) জব্দ কৰে চিৰাং আৰক্ষীয়ে ৷ সাংবাদিকৰ ষ্ট্ৰীং অপাৰেচনত ধৰা পৰিল বৃহৎ চিণ্ডিকেটৰ দৃশ্য ৷

বিজনীৰ দহলাপাৰাস্থিত টোল গেটত বৃহৎ চিণ্ডিকেটৰাজ
বিজনীৰ দহলাপাৰাস্থিত টোল গেটত বৃহৎ চিণ্ডিকেটৰাজ

চিৰাং,22 মে’: ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলপ্লাজাত চলিছে বৃহৎ চিণ্ডিকেটৰাজ ৷ টোলপ্লাজাৰ স্বত্বাধিকাৰী আৰু একাংশ দালাল আৰু চিণ্ডিকেট বাহিনীয়ে লুণ্ঠন অব্যাহত ৰাখিছে টোলপ্লাজাত ৷ এই অভিযোগ উত্থাপন কৰিছে চিৰাঙৰ বহু কেইটা দল-সংগঠনে ৷ এইবাৰ লুণ্ঠনৰ অভিযোগৰ আঙুলি উঠিছে এম এছ বি এম কন্ট্ৰাকচন নামৰ এটা কোম্পানীটোৰ বিৰুদ্ধে ৷ চৰকাৰক ৰাজহ ফাঁকি দি স্বত্বাধিকাৰীয়ে অতি কৌশলৰে ধন সংগ্ৰহ কৰি আহিছে টোলপ্লাজাত ৷ প্ৰতিদিনে লাখ লাখ টকা অবৈধভাৱে বিভিন্ন গাড়ী-মটৰৰ পৰা ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ মতে, দীৰ্ঘদিনৰে পৰা ফাষ্টটেগ নথকা বাহনৰ পৰা অবৈধভাৱে বালাজী মেচিনেৰে (হেণ্ড হোল মেচিন) অধিক ধন সংগ্ৰহ কৰি আহিছে টোলগেটৰ কৰ্মচাৰীয়ে, চিণ্ডিকেট বাহিনীয়ে ৷ বৃহস্পতিবাৰে এক অভিযোগৰ ভিত্তিত বঙাইগাঁৱৰ এটা সাংবাদিকৰ দলে টোলপ্লাজাত ষ্ট্ৰীং অপাৰেচন চলায় ৷ সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰক অন্ধকাৰত ৰাখি বৃহৎ ৰাজহ ফাঁকিৰ গোপন তথ্য ৷

বৃহস্পতিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত অনুসন্ধান চলোৱাৰ বাবে চিৰাং জিলাৰ দহলাপাৰাস্থিত টোল গেটত টাটা ডী আই বাহনত উঠি আহিল সাংবাদিকৰ দল । ফাষ্টটেগ বিহীন চাৰিচকীয়া মিনি ট্ৰাক বাহনৰে চলোৱা ‌অনুসন্ধানত পোহৰলৈ আহে সমগ্ৰ কৰ ফাঁকিৰ গোপন ৰহস্য ।

বৃহস্পতিবাৰে বাহন খন টোলগেটৰ সাত নম্বৰ পথেদি নিশা প্ৰায় 8.39 বজাত সোমোৱাৰ পিছত ফাষ্টটেগ নাই বুলি কোৱাত কাউন্টাৰত থকা ব্যক্তি জনে ডবল চাৰ্জ লাগিব বুলি কৈ এটা গোপন মেচিনৰ পৰা ৰিছিভ আনিব দিয়ে এজন কৰ্মচাৰীক । 250 টকাৰ ৰিচিভ এখন আনি দিয়ে বাহনখনৰ চালকক । কিন্তু ৰিচিভ খনত বাহন খনৰ বিষয়ে একো তথ্য নাই আনকি টোলপ্লাজাৰ নাম ঠিকনাও নাই ৷ অবৈধভাবে এনেদৰে ধন সংগ্ৰৰ কৰি আহিছে টোলপ্লাজাৰ মালিকে ৷ পিছত এই সম্পৰ্কত প্ৰশ্ন কৰাত মেচিনটো লৈ পলায়ন কৰে এজন কৰ্মচাৰী ।

পিছত ঘটনা সম্পৰ্কত চিৰাং আৰক্ষীক অৱগত কৰোৱা হয় আৰু চিৰাং আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু বিশেষ মেচিনটো( হেণ্ড হোল) সহ আঠহাজাৰ টকাও জব্দ কৰে ৷ সম্প্ৰতি ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: পিস্তল দেখুৱাই দুৰ্বিত্তই লুটিলে ধন

Last Updated : May 22, 2021, 7:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.