গুৱাহাটী: সমগ্ৰ ৰাজ্যতে পঞ্জীয়ন হোৱা অনলাইন ষ্টক ট্ৰেডিং কেলেংকাৰিৰ ৪১ টা গোচৰৰ তদন্ত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো চমুকৈ চি বি আয়ে আনুষ্ঠানিকভাৱে হাতত লৈছে । ইতিমধ্যে এক্সত এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এটা পোষ্টত প্ৰকাশ কৰিছে ৷ অনলাইন ষ্টক ট্ৰেডিং কেলেংকাৰিৰ ন্যায্য তদন্ত নিশ্চিত কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰক অনুৰোধ জনোৱা হৈছিল ৷ সেইমৰ্মে পঞ্জীয়নভুক্ত ৪১টা গোচৰ আনুষ্ঠানিকভাৱে গৃহ মন্ত্ৰালয়ে চি বি আইক গতাই দিয়া হয় বুলি তেওঁ উল্লেখ কৰিছিল ।
শেহতীয়া তথ্য মতে, ৰাজ্যত সংঘটিত হোৱা হাজাৰ হাজাৰ কোটিটকীয়া অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা কেলেংকাৰিৰ সকলো অনুসন্ধান তীব্ৰ গতিত চি বি আয়ে চলাই আছে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, অসমৰ ৪১ টা ট্ৰেডিং কেলেংকাৰিৰ বিৰুদ্ধে দেশৰ ৫ ৰাজ্যৰ ৯২ টা স্থানত চি বি আয়ে অভিযান চলাই আছে ।
ইতিমধ্যে এই অভিযানত চি বি আইৰ দলে ২৪ টা ম'বাইল ফোন, ১৮ টা ডেস্কটপ, ৭ টা হাৰ্ড ড্ৰাইভ আৰু ১১ টা লেপটপ জব্দ কৰিবলৈ সক্ষম হৈছে । এক প্ৰেছ বিবৃতি যোগে এই তথ্য সদৰী কৰিছে চি বি আয়ে । লগতে এই অভিযানত এ জে আৰ এছ মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত এটা নিৰ্দিষ্ট গোচৰত চি বি আয়ে শিলিগুৰিৰ পৰা এজন অভিযুক্তকো আটক কৰিছে বুলি উল্লেখ কৰিছে ।
উল্লেখ্য যে, ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰসমূহৰ তদন্ত অব্যাহত ৰাখিছে চি বি আয়ে । তদন্ত চলাই থকাৰ মাজতে কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৰ এটা দলে কিছুদিন পূৰ্বে তেজপুৰ সদৰ থানাত উপস্থিত হৈ পঞ্জীভুক্ত ৫২৭/২৪ নম্বৰ গোচৰৰ নথিপত্ৰ সংগ্ৰহ কৰে ৷
লগতে দলটোৱে ৰঙাপৰা থানাত পঞ্জীভুক্ত ৬৬/২৪; মিছামাৰী থানাত পঞ্জীভুক্ত ৯০/২৪,৮৯/২৪ আৰু চাৰিদুৱাৰ থানাত পঞ্জীভুক্ত ১৪৬/২৪ নম্বৰ গোচৰৰ প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰে । আনকি CBI ৰ এই দলটোৱে কেইবাটাও ভাগত বিভক্ত হৈ শোণিতপুৰ আৰক্ষীৰ সহযোগত মিছামাৰী, ঠেলামৰাকে ধৰি জিলাখনৰ বিভিন্ন স্থানত থকা বহু অভিযুক্তৰ ঘৰতো তালাচী চলায় ।
লগতে পঢ়ক : অনলাইন ট্ৰেডিং কেলেংকাৰী; তেজপুৰত CBI ৰ তালাচী |