চিৰাং, 20 আগষ্ট : চিৰাং জিলাৰ বিজনীত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিজনী আঞ্চলিক সমিতিয়ে সংবাদমেল সম্বোধন কৰে । বিজনী আঞ্চলিক সমিতি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্যালয়ত আয়োজিত এই সংবাদ মেলত বিজনী আঞ্চলিক সমিতিৰ সভাপতি উত্তম ভৌমিকে কয় যে সংগঠনৰ শীৰ্ষ নেতৃত্বৰে হোৱা মতানৈক্যৰ বাবে আজি আঞ্চলিক সমিতিৰ সকলো সদস্যই একত্ৰিত ভাৱে পদত্যাগ কৰে ।
পদত্যাগৰ লগতে মুকলিভাৱে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ইউপিপিএল দলক মুকলিভাৱে সমৰ্থন জনায় ছাত্ৰ সংগঠনটোৱে । সংবাদ মেলত আৰু কয় যে এইবাৰ বিজনীবাসীয়ে বিপিএফ দলক বিচৰা নাই বৰঞ্চ ইউপিপিএল দলক হে বিচাৰিছে ।
গতিকে বিজনীবাসী লোকৰ উপদেশ আৰু পৰামৰ্শ অনুসৰি আজি এই সিদ্ধান্ত লোৱাৰ কথা জনায় । আজিৰ এই সংবাদ মেলত কাৰ্য্যকৰি সভাপতি ৰাজু ভৌমিক,উপ সভাপতি দিপক সাহা,সাধাৰণ সম্পাদক ৰাজু সাহা,সহকাৰী সম্পাদক কৃষ্ণ সাহা সহ অন্যান্য সদস্যসকল উপস্থিত থাকে ।
লগতে পঢ়ক : অখিল গগৈ লৈ ভয় কৰে বিজেপি চৰকাৰে: ধৈৰ্য্য় কোঁৱৰ