চিৰাং,24 আগষ্ট : চিৰাং জিলাৰ বিজনী আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত সোমবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ২ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰি অসমত যি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ বিচাৰিছে সেয়া অসমবাসীয়ে কোনো পধ্যেই গ্ৰহণ নকৰে । তাৰ প্ৰতিবাদতে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই এমাহ যোৰা প্ৰতিবাদী কাৰ্যসূচীৰ সোমবাৰে তৃতীয় লানি আন্দোলনৰ বিজনীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বাংলাদেশীৰ দালাল মুৰ্দাবাদ, কমল সিং নাৰ্জাৰী মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷