চিৰাং, 1 ফেব্ৰুৱাৰী: সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ছাত্ৰ সংগঠনটোৰ সদস্যসকলে । চিৰাং জিলাৰ বিজনীত বিজনী আঞ্চলিক ছাত্ৰ সন্থাইও বিক্ষোভ প্ৰদৰ্শন কৰে । ৰাজপথতে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি শুৱালকুছিৰ ঘটনাৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰে প্ৰতিবাদকাৰীসকল ।
দেওবাৰে শুৱালকুছিত ছাত্ৰ সন্থাই 'কা' আৰু 'ই আই এ' বাতিলৰ দাবীত উলিওৱা জোঁৰ সমদলত বাধা প্ৰদান কৰি আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে প্ৰতিবাদকাৰীসকলৰ ওপৰত জপিয়াই পৰে । এই ঘটনাক কেন্দ্ৰ কৰি শুৱালকুছিৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এই ঘটনাক গৰিহণা দি সোমবাৰে সমগ্ৰ ৰাজ্যতে আছুৱে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । বিজনী আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ।
গৃহ বিভাগ হায় হায়, সোণোৱাল চৰকাৰ গ' বেক আদি চৰকাৰ বিৰোধা শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । আছুৰ মজিয়াৰ পৰা গৈ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে নিজৰ হাতত গৃহ বিভাগ থকাৰ পাচতো আছু কৰ্মকৰ্তাৰ ওপৰত অত্যাচাৰ চলোৱা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ।