বিজনী, 4 এপ্ৰিল : চিৰাং জিলাৰ বাসুগাঁৱত ৩১ নং ছিডলী বিধান সভা সমষ্টিৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সুস্মিতা দেৱে ৷ বিশাল নিৰ্বাচনী সভাত প্ৰাক্তন সাংসদ তথা সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱৰ সৈতে বিধায়ক কোমলাক্ষ দেৱ পুৰকায়স্থ উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায় । এশ এটা আসন লৈ মহাজোঁটে চৰকাৰ গঠন কৰাৰ লগতে বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে সুস্মিতা দেৱে । সভাতেই মহিলা গৃহিণী সকলক মহাজোঁটৰ চৰকাৰ গঠন কৰাৰ লগে লগে মাহিলী দুই হাজাৰ টকাকৈ ভাট্টা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
হিমন্ত বিশ্ব শৰ্মাক মিছলিয়াৰ ৰজা বুলি আখ্যা দিয়াৰ উপৰিও অমিত শ্বাহক মিছলিয়াৰ গুৰু বুলি কটাক্ষ কৰি নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু নিৰ্বাচনৰ পিচত সকলো পাহৰি যায় বুলি এনেদৰে মন্তব্য কৰে সুস্মিতা দেৱে । মহাজোঁট চৰকাৰ হোৱাৰ লগে লগে 5 লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি প্ৰদান কৰিব বুলি আস্বাস দিয়ে । শেহতীয়াকৈ বদৰুদ্দিন আজমলে অসমীয়াৰ স্বাভিমান গামোচা দলিওৱাৰ লগতে আজমল পুত্ৰই লুঙি দাড়িৰ চৰকাৰ গঠন সন্দৰ্ভত প্ৰশ্ন কৰাত এয়া বিজেপিৰ অপপ্ৰচাৰ বুলি মন্তব্য কৰে ।
লগতে পঢ়ক: হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছে: হিমন্ত বিশ্ব শৰ্মা