চিৰাং, 22 এপ্ৰিল : চিৰাঙৰ বাসুগাঁও চহৰৰ মাজ মজিয়াত থকা প্ৰতিমা জুয়েলাৰ্ছত এক ভয়ানক চুৰিকাণ্ড সংঘটিত হয় ৷ আচৰিত কৰিবলগীয়া কথাটো জুয়েলাৰীখনত লগাই থোৱা 16 টাকৈ তলা ভাঙি চোৰে লুটি নিয়ে লক্ষাধিক টকাৰ আ-অলংকাৰ ৷
স্থানীয় লোকে সদৰি কৰা মতে, জুয়েলাৰীখনৰ পৰা চোৰে সোণ আৰু ৰূপৰ আ-অলংকাৰ থোৱা ল'কাৰটো উঠাই লৈ যায় ৷ ইয়াৰ পাচতে জুয়েলাৰীখনৰ পৰা প্ৰায় এক কিলোমিটাৰ আঁতৰৰ দুৰামাৰী নৈৰ পাৰত ল'কাৰটোৰ তলা ভাঙি লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ চুৰি কৰি লৈ যায় ।
এই চুৰিকাণ্ডৰ সন্দৰ্ভত বাসুগাঁও আৰক্ষীক খবৰ দিয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ দুৰামাৰী নৈৰ পাৰৰ পৰা ল'কাৰটো উদ্ধাৰ কৰে । তলা ভঙা অৱস্থাত উদ্ধাৰ কৰা ল'কাৰটোৰ পৰা কেইপদমান আ-অলংকাৰ উদ্ধাৰ কৰা বুলি সদৰি কৰিলে এগৰাকী আৰক্ষীৰ বিষয়াই ৷ বৰ্তমান উক্ত চুৰিকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জনালে বাসুগাঁও আৰক্ষীয়ে ৷
লগতে পঢ়ক: অ'এনজিচিৰ কৰ্মচাৰী অপহৰণৰ তদন্তৰ দায়িত্ব ল'লে জি পি সিঙে