ETV Bharat / state

কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন চিৰাঙৰ মহিলাৰ - কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন চিৰাঙৰ মহিলাৰ

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চিদলী চিৰাং উন্নয়ন খণ্ড আৰু বড়ো বজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বহুসংখ্যক মহিলাই সম্প্ৰতি কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চিদলী চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত ব্লক প্ৰগ্ৰেম মেনেজাৰ গুণজিত ঠাকুৰীয়াৰ প্ৰচেষ্টাত গ্ৰাম্য পৰিয়ালৰ অৰ্থনীতি ভেটি টনকিয়াল কৰাৰ বাবে আত্মসহায়ক গোটৰ মহিলাৰ মাজত কুকুৰা পালনৰ ব্যৱস্থা কৰে ।

Chirang ASRLM project with woman SHG
কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন চিৰাঙৰ মহিলাৰ
author img

By

Published : Jul 21, 2021, 8:50 PM IST

চিৰাং, 21 জুলাই : অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান মিছনৰ সফলতা ৷ চিৰাঙত কুকুৰা পালনেৰে মহিলাই দেখুৱাইছে স্বাৱলম্বনৰ পথ ৷ চৰকাৰী আঁচনিৰ ধন সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে চিৰাঙৰ একাংশ মহিলা ৷

চিৰাঙৰ ভিতৰুৱা ঠাই উত্তৰ ৰুণীখাটাৰ বাৰ্লাবাৰী গাঁৱৰ দৃশ্যই এতিয়া সকলোকে আকৰ্ষিত কৰিছে ৷ পুৱাৰে পৰা মহিলাসকল ব্যস্ত হৈ পৰে নিজ নিজ কৰ্মত ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চিদলী চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত ব্লক প্ৰগ্ৰেম মেনেজাৰ গুণজিত ঠাকুৰীয়াৰ প্ৰচেষ্টাত গ্ৰাম্য পৰিয়ালৰ অৰ্থনীতি ভেটি টনকিয়াল কৰাৰ বাবে আত্মসহায়ক গোটৰ মহিলাৰ মাজত কুকুৰা পালনৰ ব্যৱস্থা কৰা হৈছিল ।

চৰকাৰী আঁচনিৰ ধনৰ সদ ব্যৱহাৰ

এই অভিযানে গ্ৰাম্য মহিলাৰ মাজত বিজ্ঞানসন্মতভাৱে কুকুৰা পালন কৰি আহিছে ৷ ইয়াৰ দ্বাৰা কুকুৰাৰ পৰা কণী উৎপাদনৰ ব্যৱস্থা কৰি আহিছে ৷ যাৰ ফলত মহিলাসকলে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চিদলী চিৰাং উন্নয়ন খণ্ডৰ সহায়ত হিৰম্ব বসুমতাৰীয়ে দুটা কুকুৰা পালনৰ ইউনিট বহুৱাই মুঠ এশটা কুকুৰাৰ পৰা দৈনিক কমেও ৩৪ টা কণী উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷ অভিলাষ হেটছাৰী নামৰ কোম্পানী এটাই দক্ষিণ ভাৰতৰ পৰা যোগান ধৰিছে এই কুকুৰা ৷ বিগত এপ্ৰিল মাহৰ পৰা এই ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে এইসকল মহিলা ৷

কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন চিৰাঙৰ মহিলাৰ
কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন চিৰাঙৰ মহিলাৰ

সম্প্ৰতি চিৰাং জিলাত চিদলী চিৰাং খণ্ড উন্নয়ন আৰু বড়ো বজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত (৫৮+১৮০=২৩৮) মুঠ দুশ আঠ ত্ৰিশ টা কুকুৰা ইউনিটে জিলাখনত যথেষ্ট পৰিমাণে কণী উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷ আনকি ইয়াত উৎপাদিত কণীসমূহ অন্যান্য জিলাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ প্ৰেৰণ কৰা হৈছে ৷ এই কণী ব্যৱসায়ক লৈ এতিয়া আনন্দিত হৈ পৰিছে মহিলাসকল ৷

মুঠতে ক’ব পাৰি যে, চৰকাৰী আঁচনিৰ এক বৃহৎ সফলতা হৈছে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান মিছন ৷ এই অভিযানে দেখুৱাবলৈ সক্ষম হৈছে স্বাৱলম্বিতাৰ নিদৰ্শন ৷ এয়া হৈছে চৰকাৰী আঁচনিৰ ধনৰ সদ ব্যৱহাৰ ৷

লগতে পঢ়ক: কেঁচা চাহপাতৰ মূল্য হ্ৰাসে বিপদত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.