ETV Bharat / state

চিৰাঙৰ পানবাৰীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

author img

By

Published : Feb 12, 2021, 2:05 PM IST

চিৰাঙৰ পানবাৰীত মাৰণাস্ত্ৰ উদ্ধাৰ । দুটা AK ৫৬, এটা এম ২০ পিষ্টল, ৫২ জাই সজিৱ গুলি উদ্ধাৰ । এই মাৰণাস্ত্ৰখিনি এনডিএফবিৰ বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ।

চিৰাঙৰ পানবাৰীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ
চিৰাঙৰ পানবাৰীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

চিৰাঙ,12 ফেব্ৰুৱাৰীঃ চিৰাঙৰ পানবাৰীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ । চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য‍্যালয়ত সংবাদ মেলৰ জৰিয়তে এই কথা সদৰি কৰে আৰক্ষীয়ে । জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এই সন্দৰ্ভত কয় যে, গোপন তথ্যৰ ভিত্তিত চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ জংঘলৰ মাজত আমলাইগুৰীৰ পৰা পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মাৰণাস্ত্ৰ সমূহ ।

জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত বিজনী মহকুমা আৰক্ষী বিষয়া শ্বেখৰজ্যোতি ৰায়, পাণবাৰী চক্ৰ আৰক্ষী বিষয়া ৰফিকুল হাছান চৌধুৰী, পাণবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম কুমাৰ দলে আৰু ১৫৬ বেটেলিয়ন চিআৰপিএফৰ যৌথ অভিযান গোটেই নিশা চলিছিল অৱশেষত শুকুৰবাৰে পুৱা ৪.৩০ বজাত এই সমূহ অস্ত্ৰ উদ্ধাৰ হয় ৷

ইপিনে উদ্ধাৰ হোৱা অস্ত্ৰৰ মাজত ২টা AK ৫৬ আৰু দুটা মেগজিন, এটা এম ২০ পিষ্টল আৰু এটা মেগজিন, ৫৫ জাই সজিৱ গুলি, নাইন এম এমৰ সজিৱ গুলি ২ জাই উদ্ধাৰ হয় । লগতে আৰক্ষী অধীক্ষক জনে আৰু কয় যে, উক্ত অঞ্চলত যিহেতু এনডিএফবি (ছা)ৰ নেতা জি বিদাইৰ আহ জাহ আছিল সেয়ে এই অস্ত্ৰ সমূহ এনডিএফবিৰ বুলি সন্দেহ কৰা হৈছে । এতিয়ালৈকে ঘটনা সৰ্ন্দভত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জনায় আৰক্ষী অধীক্ষক জনে ।

লগতে পঢ়কঃ কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অখিল গগৈৰ সিদ্ধান্থই আঞ্চলিকতাবাদক শক্তি দিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.