ETV Bharat / state

চিৰাঙত হস্তনিৰ্মিত বন্দুকৰ কাৰখানা উৎখাত

author img

By

Published : Jul 30, 2019, 6:47 PM IST

চিৰাং জিলাৰ বিজনীৰ বাউতিপাৰাত হস্তনিৰ্মিত বন্দুকৰ কাৰখানা উৎখাত আৰক্ষীৰ । হস্ত নিৰ্মিত বন্দুক সহ উদ্ধাৰ বহু সামগ্ৰী ।

হস্তনিৰ্মিত বন্দুকৰ কাৰখানা উৎখাত আৰক্ষীৰ

চিৰাং,30 জুলাই : চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুড়ীৰ উপ-আৰক্ষী চকীৰ অন্তৰ্গত বাউতিপাড়াত সোমবাৰে মাজনিশা এক গোপন তথ্যৰ ভিত্তিত অঞ্চলটোত বিজনী আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে হস্ত নিৰ্মিত বন্দুক নিৰ্মাণ কৰাৰ কাৰখানা। অভিযানটোৰ নেতৃত্বত আছিল বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধী আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বৰা ৷ বাৰুদ,হস্তনিৰ্মিত বন্দুক,হস্তনিৰ্মিত গুলীসহ বন্দুক নিৰ্মাণত ব্যৱহৃত বহু আপত্তিজনক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে কাৰখানাৰ মালিক টেৰণ মুছাহাৰীৰ পুত্ৰ মনোজ মুছাহাৰীৰ ঘৰৰ পৰা ৷ কিন্তু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে মনোজ মুছাহাৰীয়ে ৷ ইফালে মনোজ মুছাহাৰী কোনো সংগঠনৰ লগত জড়িত নে আন কাৰোবাৰ বাবে অঞ্চলটোত এনেকুৱা অসামাজিক কাম দীৰ্ঘদিন ধৰি চলাই আছিল এই বিষয়ত এতিয়াও অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Intro:চিৰাং জিলাৰ বিজনীৰ বাউতিপাৰাত হস্তনিৰ্মিত বন্দুকৰ কাৰখানা উৎখাত আৰক্ষীৰ । হস্থ নিৰ্মিত বন্দুক সহ উদ্ধাৰ বহু সামগ্ৰী ।

Body:চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুড়ীৰ উপ-আৰক্ষী চকীৰ অন্তৰ্গত বাউতিপাড়াত সোমবাৰে মাজনিশা বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বৰা সহযোগত এক গোপন তথ্যৰ ভিত্তিত অঞ্চলটোত অভিযান চলাই হস্ত নিৰ্মিত বন্দুক নিৰ্মান কৰাৰ কাৰখানা উৎখাত কৰিবলৈ সক্ষম হয়।অঞ্চলটোৰ টেৰণ মুছাহাৰীৰ পুত্ৰ মনোজ মুছাহাৰীৰ ঘৰৰ পৰা বাৰুদ,হস্তনিৰ্মিত বন্দুক,হস্তনিৰ্মিত গুলী সহ বন্দুক নিৰ্মানত ব্যৱহৃত বহু আপত্তিজনক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও কাৰখানা উদ্ধাৰ হোৱা ঘৰৰ গৰাকী মনোজ মুছাহাৰী আৰক্ষী ঘটনা স্থলিত উপস্থিত হোৱাৰ পূৰ্বেই পলাই যাবলৈ সক্ষম হয়।মনোজ মুছাহাৰী কোনো সংগঠনৰ লগত জড়িত নে কাৰ বাবে আঞ্চলটোত এনেকুৱা অসামাজিক কাম দীৰ্ঘদিন ধৰি চলাই আছিল তাৰ বাবে আৰক্ষীয়ে এতিয়াও অনুসন্ধান অব্যাহত ৰাখিছে ।

Conclusion:আচলতে চিৰাং জিলাখন উগ্ৰপন্থি অধ্যুশিত অঞ্চল হিচাবে চিহ্নিত এলেকা । কিন্ত যোৱা ২০১৪ চনৰ আদীবাসী হত্যাৰ পিচৰ পৰাই সেনা-আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত বহু উগ্ৰপন্থি সদস্য নিহত হোৱাৰ লগতে বহু জনে আত্মসমৰ্পন কৰা,গ্ৰেপ্তাৰ হোৱাৰ পিচত এতিয়া কিছুদিনৰ পৰা জিলা খনৰ পৰিস্থিতি বহু উন্নত হৈছে । সেয়ে এই মুহুৰ্তত এই ধৰনৰ কাৰখানা উৎখাত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টী কৰিছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.