ETV Bharat / state

চিৰাঙত এবছুৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Feb 15, 2020, 5:45 PM IST

চিৰাঙৰ বাঙালডোবাৰ বডোচা নগৰত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৩ সংখ্যক উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস ৷ শনিবাৰে চিৰাং জিলা এবছুয়ে কাজলগাঁও আঞ্চলিক এবছুৰ সহযোগত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা কাজলগাঁও সমষ্টিৰ এমচিএলএ ৰণগৌৰা নাৰ্জাৰীয়ে নৱনিৰ্মিত ৩৭২ স্মৃতি উদ্যানৰ উদ্বোধন কৰে ।

Chirang ABSU 53rd foundation day celebration
৩৭২ স্মৃতি উদ্যান মুকলি

চিৰাং,15 ফেব্ৰুৱাৰীঃ চিৰাঙৰ বাঙালডোবাৰ বডোচা নগৰত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ শনিবাৰে চিৰাং জিলা এবছুয়ে কাজলগাঁও আঞ্চলিক এবছুৰ সহযোগত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । কাৰ্যসূচীমৰ্মে এবছুৰ পতাকা উত্তোলন কৰে চিৰাং জিলাৰ সভাপতি খনীন্দ্ৰ বসুমতাৰীয়ে ৷ এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা কাজলগাঁও সমষ্টিৰ এমচিএলএ ৰণগৌৰা নাৰ্জাৰীয়ে নৱনিৰ্মিত ৩৭২ স্মৃতি উদ্যানৰ উদ্বোধন কৰে । উদ্বোধক গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে, ১৯৮৯ চনৰ ২৯ এপ্ৰিল তাৰিখে চিদলী আৰক্ষীয়ে বাঙালডোবা অঞ্চলৰ ৩৭২ জন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । সেইসকল লোকৰ স্মৃতিত এই উদ্যানখন সাজি তোলা হৈছে লগতে লোককেইজনৰ নামসমূহ উদ্যানৰ দেৱালত অংকন কৰা হৈছে ।

৩৭২ স্মৃতি উদ্যান মুকলি

অনুষ্ঠানত উপস্থিত থাকি এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি জয়ন্ত বসুমতাৰীয়ে বিগত ৫৩ বছৰে এবছুৰ হৈ বড়ো জাতিৰ উত্তৰণৰ বাবে কাম কৰা প্ৰতিজন লোকৰ শলাগ লয় ৷ এবছুৰ এই প্ৰতিষ্ঠা দিৱসতে এক সভা অনুষ্ঠিত হয় য’ত কেইবাজনো জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে ৷

লগতে চাওকঃনুমলীগড়ত দপদপাই জ্বলি উঠিল তেলভৰ্তি টেংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.