ETV Bharat / state

চিৰাঙৰ বিভিন্ন প্ৰান্তত সাহায্য বিতৰণ - Lock Down

চিৰাঙৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সংগঠন এবিএমএচইউৰ উদ্যোগত দৰিদ্ৰ লোকক সামগ্ৰী বিতৰণ । লক ডাউনৰ বাবে দৰিদ্ৰ লোকৰ মাজত হোৱা খাদ্য সংকটৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে ৷

Chirang ABMSU relief to poor
সাহায্য বিতৰণ
author img

By

Published : Apr 3, 2020, 10:34 AM IST

চিৰাং,3 এপ্ৰিলঃ দেশজুৰি চলা লক ডাউনে শুকুৰবাৰে দশম দিনত ভৰি দিছে ৷ এই সময়ছোৱাত দেশৰ দৰিদ্ৰ লোকসকল খাদ্য সংকটত ভূগিছে ৷ দৰিদ্ৰ লোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি,চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সংগঠনটোৱে দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ জিলাখনৰ প্ৰতিখন আঞ্চলিক আৰু শাখা সমিতিয়ে দৰিদ্ৰ লোকৰ মাজত চাউল,ডাইল,মিঠাতেল,নিমখ,আলু,চাবোন আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে । বিলাসপুৰ শাখা সমিতিৰ কাৰ্যালয়ত পুৱা জিলা সভাপতি আবু জুৱায়েৰ মণ্ডলে শতাধিক লোকৰ মাজত এই সামগ্ৰী বিতৰণ কৰে ৷

লক ডাউনৰ বাবে খাদ্য় সংকট

একেদৰে হাস্ৰাউবাৰী,ছাতিপুৰ,ঢালিগাঁও,বাসুগাঁও,মোজাবাৰী আদি ঠাইত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ লগতে কৰ’ণাৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ লক ডাউন মানি চলাৰ বাবে আহ্বান জনায় জিলা সভাপতিজনে । বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা সকলো লোকৰ শীঘ্ৰে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায় সংগঠনটোৰ সভাপতি গৰাকীয়ে ।

Chirang ABMSU relief to poor
সাহায্য বিতৰণ

লগতে চাওকঃ NF ৰে'লৱেৰ প্ৰয়োজনীয় মাল পত্ৰ নমোৱাৰ অনুমতি লাভ!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.