ETV Bharat / state

এবিএমছুক লৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ

author img

By

Published : Mar 27, 2021, 1:19 PM IST

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুক লৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ । ৰাজনৈতিকভাৱে বিভাজনৰ চেষ্টাৰ অভিযোগ । একাংশই ইউপিপিএলক সমৰ্থন কৰাক লৈ চাঞ্চল্য ।

এবিএমছুক লৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ
এবিএমছুক লৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ

চিৰাং,২৭ মাৰ্চ: নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুক লৈ সৃষ্টি হৈছে ৰাজনৈতিক টনা-আঁজোৰা তথা বিভাজনৰ ষড়যন্ত্ৰ । নিজকে ছাত্ৰ সংগঠনটোৰ স্বয়ম্ভূ নেতা বুলি দাবী জনাই শুকুৰবাৰে বঙাইগাঁও প্ৰেছ ক্লাবত ছাত্ৰ সংগঠনটোৰ একাংশই সমৰ্থন জনোৱা বুলি অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত এবিএমছুৰ মূল সমিতিৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে, এতিয়ালৈ তেওঁলোকে ৰাজনৈতিকভাৱে কাকো সমৰ্থন জনোৱা নাই । অসম তথা অসমীয়াক নিঃশেষ কৰিব বিচৰা বিজেপিৰ বিৰুদ্ধে এবিএমছু সদায় আছে আৰু থাকিব বুলি স্পষ্টভাৱে উল্লেখ কৰে ।

শুকুৰবাৰে এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে চিৰাং জিলা সমিতি আৰু বিভিন্ন আঞ্চলিক সমিতিৰ এবিএমছুৰ নেতৃবৰ্গৰ সৈতে সংগঠনৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যে বাৰ্তালাপ কৰে । লগতে তেওঁ কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত এবিএমছুয়ে কোনো ৰাজনৈতিক দলক সমৰ্থন কৰা নাই । ইউপিপিএল দলক সমৰ্থন কৰা ব্যাক্তিকেইজনক এবিএমছুৰ পৰা বহিস্কৃত কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে টাইছন হুছেইনে ।

লগতে অসমত বিজেপি চৰকাৰ উৎখাত কৰিবলৈ অসম তথা বিটিচিৰ ৰাইজক অনুৰোধ জনায় নেতাগৰাকীয়ে । বিজেপি মিত্ৰজোঁটে যাতে আকৌ অসমত চৰকাৰ গঠন কৰিব নোৱাৰে তাৰ বাবে বিজেপি মিত্ৰজোঁটৰ কোনো দলকে বিটিচিবাসী লোকক ভোটদান নকৰিবলৈ অনুৰোধ জনাই ছাত্ৰ নেতাজনে ৷ ইয়াৰোপৰি, অতি কম দিনৰ ভিতৰতে এবিএমছুৰ স্থিতি স্পষ্ট কৰিব বুলিও জনায় ছাত্ৰ নেতা টাইছন হুছেইনে । ইয়াৰ পৰাই ধাৰণা হৈছে যে বিটিচিৰ সংখ্যালঘু ছাত্ৰ সংগঠন এবিএমছুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি ? ৰাজনৈতিকভাৱে এই প্ৰশ্নই তোলপাৰ লগাইছে বিটিচিৰ সংখ্যালঘুসকলৰ মাজত ।

লগতে পঢ়ক: মহিলাৰ দ্বাৰা পৰিচালিত দুটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.