ETV Bharat / state

আলুখুন্দাত বিজনী জিলা এবিএমছুৰ প্ৰতিবাদ - এবিএমছু

চিৰাঙৰ আলুখুন্দাত বিজনী জিলা এবিএমছুৰ প্ৰতিবাদ । কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত এই প্ৰতিবাদ ।

ABMSU protest
ABMSU protest
author img

By

Published : Jul 26, 2020, 10:50 PM IST

চিৰাং, 26 জুলাই : চিৰাং জিলাৰ আলুখুন্দাত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত এবিএমছুৰ বিজনী জিলা সমিতিৰ উদ্যোগত অৰ্ধ উলংগ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি কৃষক নেতা অখিল গগৈয়ে কেইবামাহ ধৰি কাৰাৰুদ্ধ হৈ আছে । কা আন্দোলনেৰে কাৰাৰুদ্ধ হোৱা অন্যান্য নেতা কৰ্মীয়ে জামিন লাভ কৰিছে যদিও এতিয়ালৈকে কৃষক নেতা অখিল গগৈয়ে মুক্তি পোৱা নাই । চৰকাৰে অখিল গগৈক ভয় কৰি কাৰাৰুদ্ধ কৰি ৰখাৰ অভিযোগ এবিএমছুৰ । ৭২ ঘন্টাৰ ভিতৰত অখিল গগৈৰ মুক্তিৰ দাবী জনাইছে সংগঠনটোৱে। অন্যথা ঈদৰ পাচৰ দিনৰ পৰা ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

আলুখুন্দাত বিজনী জিলা এবিএমছুৰ প্ৰতিবাদ

কৃষক নেতা অখিল গগৈক চৰকাৰে ষড়যন্ত্ৰমূলক ভাৱে এটা গোচৰত জামিন লাভৰ পাচতে আনটো গোচৰ জাপি দি বন্দী কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন হৈছে । শেষতীয়াকৈ কৃষক নেতাজনৰ মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব‍্যস্ত কৰি আছে যদিও চৰকাৰে এই প্ৰতিবাদত আওকাণ কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : বিলাই-বিপত্তি কমা নাই কাজিৰঙাৰ জীৱকূলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.