ETV Bharat / state

চিৰাঙত নিৰ্মাণৰ ১০ বছৰৰ পাছতো মুকলি নহ’ল চিকিৎসালয় - চন্দন ব্ৰহ্ম

ক’ভিড (Covid 19)ৰ এই সময়ত চিকিৎসাৰ বাবে চিকিৎসালয় বিচাৰি ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা । চিৰাঙৰ বামুনগাঁৱত ১০ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা চিকিৎসালয়খন কাৰ্যক্ষম কৰি মুকলি কৰি দিয়াৰ দাবী জনাইছে অঞ্চলবাসীয়ে ।

Chirang abandoned hospital of Bamungaon
চিৰাঙত নিৰ্মাণৰ ১০ বছৰৰ পাছতো মুকলি নহ’ল আটক ধুনীয়া চিকিৎসালয়
author img

By

Published : Jun 12, 2021, 2:25 PM IST

চিৰাং, 12 জুন : চিৰাং জিলাৰ বামুনগাঁৱত কোটি টকা ব্যয়ৰে দহ বছৰ পূৰ্বে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা ৩০ খন বিচনাযুক্ত চিকিৎসালয়খনত এতিয়া চিকিৎসক-ৰোগীৰ বিপৰীতে জংঘলেৰে আৱৰি ধৰিছে । বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জন প্ৰতিনিধিৰ চূড়ান্ত গাফিলতিৰ বাবে সম্প্ৰতি চিকিৎসালয়খন মদ, জুৱা তথা বিভিন্ন অনৈতিক কাৰ্যৰ ঘাটিত পৰিণত হৈছে ।

চিৰাঙত নিৰ্মাণৰ ১০ বছৰৰ পাছতো মুকলি নহ’ল আটক ধুনীয়া চিকিৎসালয়

বিগত সময়ছোৱাত বিটিচি (BTC)ৰ উপমুখ্য খাম্পা বৰগয়াৰী (Khampa Bargayari), অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম (Chandan Brahma)ই চিৰাং জিলাৰ পৰাই প্ৰতিনিধিত্ব কৰিছিল যদিও জিলাখনৰ স্বাস্থ্যখণ্ডক তেওঁলোকেই এই দুৰৱস্থাৰ মাজত ঠেলি দিছিল । অঞ্চলটোৰ লোকসকলে চিকিৎসাৰ বাবে বঙাইগাঁও, কোকৰাঝাৰ, বৰপেটা বা গুৱাহাটীলৈ যাবলগীয়া হয় । ক’ভিড (Covid 19)ৰ বাবে এতিয়া আন্তঃজিলা যাতায়ত বন্ধ হৈ পৰাত চিকিৎসাৰ বাবে অইন জিলালৈ যোৱা বন্ধ হৈ পৰিছে । গতিকে এই সময়ৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰ তথা বিটিআ (BTR)ৰ প্ৰশাসনক তৎকালীনভাৱে চিকিৎসালয়খন কাৰ্যক্ষম কৰি বৃহত্তৰ বামুনগাঁৱবাসী লোকৰ চিকিৎসাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়াৰ বাবে দাবী জনাইছে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক : ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ২.১৬ শতাংশলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.