চিৰাং, 29 এপ্ৰিল : বিগত তিনি বছৰে এখন মাত্ৰ প্লাষ্টিকৰ তলত জীৱন-নিৰ্বাহ কৰা এটা দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় হ'ল একাংশ হৃদয়বান লোক ৷ চিৰাং জিলাৰ বিজনীৰ শিলিখাগুৰীৰ তিনিজনীয়া এটা দৰিদ্ৰ পৰিয়ালক গৃহ নিৰ্মান কৰি দিলে উলুবাৰী শাখা ছাত্ৰ সন্থাই ৷ উল্লেখযোগ্য যে, বিগত ৩ বছৰ ধৰি বিজনী-পাণবাৰী গড়কাপ্তানি পথৰ দাঁতিত থকা জৰাজীৰ্ণ ঘৰটোতে বসবাস কৰি আহিছিল মণ্ডল মুৰ্মু, পত্নী ৰখিলা মাৰ্ডি মুৰ্মু আৰু কণমানি পুত্ৰ সন্তান শিৱ মুৰ্মুই ৷ অৱশেষত পৰিয়ালটিক উলুবাৰী শাখা ছাত্ৰ সন্থাৰ বিষয়-ববীয়া তথা একাংশ কৰ্মীয়ে নিৰ্মাণ কৰি দিলে এটি ঘৰ । দৰিদ্ৰ পৰিয়ালটিক সহায় কৰা এই মহানুভৱতাক শলাগ লৈছে অঞ্চলবাসীয়ে ৷
মানৱতাৰ উৎকৃষ্ট নিদৰ্শনঃ গৃহহীন পৰিয়ালক গৃহ নিৰ্মাণ কৰি দিলে সদৌ অসম ছাত্ৰ সন্থাই - দৰিদ্ৰ পৰিয়াল
ফটা-চিঙা মলিয়ন কাপোৰৰে ফুটপাথত জীৱন-নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালক গৃহ নিৰ্মাণ কৰি দিলে সদৌ অসম ছাত্ৰ সন্থাৰ উলুবাৰী শাখা ছাত্ৰ সন্থাই ৷ প্লাষ্টিকৰ তলতেই জীৱন-নিৰ্বাহ কৰা পৰিয়ালটিৰ মুখত বিৰিঙিছে আশাৰ ৰেঙনি ৷
![মানৱতাৰ উৎকৃষ্ট নিদৰ্শনঃ গৃহহীন পৰিয়ালক গৃহ নিৰ্মাণ কৰি দিলে সদৌ অসম ছাত্ৰ সন্থাই Chirang AASU helping hands](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6990323-thumbnail-3x2-ass.jpg?imwidth=3840)