ETV Bharat / state

চিৰাঙত হাস্পতালৰ পৰা ৪ গৰাকী ক'ভিড ৰোগীৰ পলায়ন - চিৰাঙত হাস্পতালৰ পৰা ৪ গৰাকী ক'ভিড ৰোগীৰ পলায়ন

কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন চাৰিজনকৈ ক'ভিড ৰোগীৰ । বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া ব্যক্তি কেইজনৰ শৰীৰত ধৰা পৰিছিল ভাইৰাছৰ অৱস্থিতি । ইয়াৰ পিছতে পলায়ন কৰে সেই চাৰিগৰাকীকৈ ৰোগীয়ে ।

চিৰাঙত হাস্পতালৰ পৰা ৪ গৰাকী ক'ভিড ৰোগীৰ পলায়ন

author img

By

Published : Apr 28, 2021, 1:47 PM IST

চিৰাং,২৮ এপ্ৰিল: ৰাজ্যত কৰ'ণা সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱাৰ মাজতে চিৰাং জিলাত চাঞ্চল্যকৰ ঘটনা । কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন চাৰিজনকৈ ক'ভিড ৰোগীৰ । ঘটনাৰ পিছতে সমগ্ৰ জিলাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

জানিব পৰা মতে বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰী বুলি পৰিচয় দি কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ক'ভিড পৰীক্ষা কৰিছিল ৷ তেতিয়াই তেওঁলোকৰ দেহত ধৰা পৰিছিল ভাইৰাছৰ অৱস্থিতি । ইয়াৰ পিছতে পলায়ন কৰে সেই চাৰিগৰাকীকৈ ৰোগীয়ে ।

চিৰাঙত হাস্পতালৰ পৰা ৪ গৰাকী ক'ভিড ৰোগীৰ পলায়ন

পলায়ন কৰা ৰোগী কেইজন ক্ৰমে সৰ্বেশ্বৰ মাহাতো, বাসুদেৱ মাহাতো, মদন মাহাতো আৰু ইক্তাৰা মল্লিক । তেওঁলোকে দিয়া ফোন নম্বৰত ফোন কৰিলেও সম্প্ৰতি কোনো উত্তৰ দিয়া নাই । জেএচবি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত ক'ভিড বিভাগৰ চিকিৎসক ডাঃ এম এম আহমেদে জনাই যে এই সন্দৰ্ভত ইতিমধ্যে ঢালিগাঁও থানাত জনোৱা হৈছে ।

লগতে পঢ়ক: তিনিটাকৈ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.