ETV Bharat / state

হাগ্ৰামাই NIA ৰ ভয়ত বিজেপিৰ কাষ চাপিছে : গোবিন্দ বসুমতাৰী - বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী

উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি গৰম হৈ পৰিছে বিটিআৰৰ বতাহ ৷ এনে সময়তে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সৈতে মিত্ৰতা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সতে গোপন বৈঠকত মিলিত হোৱা বুলি সৰৱ চৰ্চা চলিছে ৷ বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে এই সন্দৰ্ভত দেওবাৰে চিৰাং জিলাত দলীয় স্থিতি ব্যক্ত কৰে ৷

btr deputy cem Gobinda Basumatary visit Chirang
হাগ্ৰামাই NIAৰ ভয়ত বিজেপিৰ কাষ চাপিছে : গোবিন্দ বসুমতাৰী
author img

By

Published : Aug 9, 2021, 10:00 AM IST

চিৰাং, 9 আগষ্ট : চিৰাং জিলাৰ ভিৰানগাঁৱত পঞ্চদশ বিত্তীয় ২০২০-২১ বৰ্ষৰ অধীনৰ কালভাৰ্ট আঁচনিৰ আধাৰশিলা স্থাপনৰ বাবে দেওবাৰে চিৰাঙত উপস্থিত হয় বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী ৷ উপ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে অসমত উপ নিৰ্বাচনৰ প্ৰসংগ লৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা চলাই থকা অৱস্থাত বড়োলেণ্ড পিপুলচ পাৰ্টী চমুকৈ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সৈতে মিত্ৰতা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সতে গোপন বৈঠকত মিলিত হোৱা বুলি চৰ্চা লাভ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে হাগ্ৰামা মহিলাৰীয়ে নিয়াৰ গোচৰত অভিযুক্ত হোৱাৰ ভয়তহে মুখ্যমন্ত্ৰীৰ লগত গোপন বৈঠকত মিলিত হৈছে বুলি মন্তব্য কৰে ৷ ইউপিপিএলৰ নেতাজনে বিজেপিৰ লগত ইউপিপিএলৰ আলোচনা হোৱাৰ পিছতহে মিত্ৰতা হোৱাৰ কথা ব্যক্ত কৰি পৰৱৰ্তী ১০ বছৰলৈ এই মিত্ৰতা অক্ষুণ্ণ থাকিব বুলি মন্তব্য কৰে ।

উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি গৰম হৈ পৰিছে বিটিআৰৰ বতাহ

তেওঁ লগতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অৱস্থা এতিয়া ভাল নহয় বুলিও জানিবলৈ দিয়ে । নিয়াৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ ভয়ত বিজেপি নেতৃবৰ্গৰ ভৰিত ধৰি আছে বুলি সদৰী কৰে গোবিন্দ বসুমতাৰীয়ে । গোবিন্দ বসুমতাৰীয়ে লগতে কয় যে, বিজেপিয়ে বিপিএফক কেতিয়াও সহযোগী দল হিচাপে গ্ৰহণ নকৰে সেয়া আমি স্পষ্ট ।

লগতে পঢ়ক : অসম-মেঘালয় সীমা বিবাদক লৈ মুখ্য সচিব জীষ্ণু বৰুৱাৰ প্ৰতিক্ৰিয়া

ইউপিপিএলৰ লগত বিজেপিৰ মিত্ৰতা থাকিব আৰু ১০ বছৰলৈ এই মিত্ৰতাত কোনো ফাঁট মেলাৰ প্ৰশ্ন নাহে বুলি প্ৰকাশ কৰে বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে । আনহাতে কালভাৰ্ট আঁচনিৰ আধাৰশিলা স্থাপন কৰি উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে চিৰাং জিলাৰ ভিৰানগাঁৱত পঞ্চদশ বিত্তীয় ২০২০-২১বৰ্ষৰ অধীনৰ অসম চৰকাৰৰ গুড উইল আঁচনিৰ অধীনত বাট-পথসমূহৰ মেৰামতি কৰি থকাৰ কথা উল্লেখ কৰে ৷

তেওঁ ইউনাইটেড পিপুলচ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএল দলে বিটিআৰৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে বিটিআৰৰ বিভিন্ন ঠাইত থকা সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰে ৷ তেওঁ লগতে পৰৱৰ্তী সময়ত শিক্ষানুষ্ঠানসমূহৰ মেৰামতি আৰু নিৰ্মাণ কাৰ্য কৰি আন্তঃগাঁথনি আগুৱাই নিয়া হ'ব বুলি মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : অসমৰ স্বাৰ্থত একেলগে কাম কৰিব কংগ্ৰেছ-ৰাইজৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.