ETV Bharat / state

চিৰাঙত অনুষ্ঠিত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজৰ সংবাদমেল - বিটিচি টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সন্থা

প্ৰায় ৩৫০০গৰাকী শিক্ষিত যুৱক-যুৱতীয়ে টেট উত্তীৰ্ণ হোৱাৰ পিছত বিটিচি প্ৰশাসনে শিক্ষকৰ খালী থকা পদসমূহৰ নিযুক্তিৰ কোনো ব্যৱস্থা নকৰিলে । এই অভিযোগ উত্থাপন বিটিচি টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সন্থাৰ ৷

BTC tet Teachers pressmeet Chirang Assam etv bharat news
শিক্ষক সমাজৰ সংবাদমেল
author img

By

Published : Mar 11, 2020, 7:26 PM IST

Updated : Mar 11, 2020, 9:56 PM IST

চিৰাং,11 মাৰ্চঃ চিৰাঙত বুধবাৰে অনুষ্ঠিত হয় বিটিচি টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সন্থাৰ এক সংবাদমেল ৷ সংবাদমেলখনত শিক্ষক সন্থাটোৰ নেতা সঞ্জয় নাথে ২০১২ চনৰ ১৯ডিচেম্বৰত অন্তিমবাৰৰ বাবে বিটিচি টেট অনুষ্ঠিত হোৱা বুলি ব্যক্ত কৰে ৷ প্ৰায় ৩৫০০গৰাকী শিক্ষিত যুৱক-যুৱতীয়ে টেট উত্তীৰ্ণ হোৱাৰ পিছত বিটিচি প্ৰশাসনে শিক্ষকৰ খালী থকা পদসমূহৰ নিযুক্তিৰ কোনো ব্যৱস্থা নকৰিলে । বাকী একাংশই সুবিধা অনুযায়ী অসমৰ অন্যান্য জিলাত কৰ্মৰত হৈ আছে । কিন্তু বিটিচি টেটৰ প্ৰমাণপত্ৰ অসম চৰকাৰে নাকচ কৰিছে বুলি উল্লেখ কৰে শিক্ষকসকলে । পূৰ্বৰ টেট উত্তীৰ্ণসকলক বাদ দি নতুনকৈ টেট উত্তীৰ্ণ সকলক নিযুক্তিৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ।

শিক্ষক সমাজৰ সংবাদমেল

গতিকে বিটিচিত শিক্ষক নিযুক্তিৰ প্ৰয়োজনীয়তা সেয়া সকলোৱে দাবী কৰে ৷ কিন্তু বিভাগীয় নীতি-নিয়ম অনুসৰি এই নিযুক্তি প্ৰদানৰ দাবী জনায় সন্থাটোৱে ৷ বিটিচি শিক্ষা সঞ্চালকে শিক্ষাৰ অধিকাৰ আইন উলংঘা কৰি টেট নোহোৱাকৈয়ে শিক্ষক নিযুক্তিৰ অভিযোগ উত্থাপন কৰে । সম্প্ৰতি টেট শিক্ষকসকলে ন্যায় বিচাৰি উচ্চ ন্যয়ালয়ৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে চৰকাৰক ৷

খালী পদত নিযুক্তিৰ সম্পৰ্কত আওকাণ বিটিচি প্ৰশাসনৰ

লগতে চাওকঃশ্বহীদ কেপ্টেইন জিন্টু গগৈৰ বিষয়ে জানো আহক !

Last Updated : Mar 11, 2020, 9:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.