ETV Bharat / state

12 খন আসনেই লাভ কৰিব বিজেপিয়েঃ হাগ্ৰামা মহিলাৰী - বিটিচি

চিৰাঙৰ কাজলগাঁৱত নিৰ্মিত বড়োলেণ্ড অতিথিশালা উদ্বোধন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচিৰ প্ৰতিখন জিলা আৰু মহকুমাতে নিৰ্মাণ হ'ব একোটাকৈ বড়োলেণ্ড অতিথিশালা ৷

বড়োলেণ্ড অতিথিশালা উদ্বোধন
author img

By

Published : Mar 7, 2019, 5:13 PM IST

চিৰাং, 7 মাৰ্চঃ চিৰাঙৰ কাজলগাঁৱত নিৰ্মিত বড়োলেণ্ড অতিথিশালা উদ্বোধন কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ বৃহস্পতিবাৰে বিটিচিৰ গড়কাপ্তানি বিভাগৰ দ্বাৰা নিৰ্মিত অতিথিশালাটো মুকলি কৰাৰ লগতে এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

বড়োলেণ্ড অতিথিশালা উদ্বোধন

অনুষ্ঠানত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, বিটিচিৰ মুখ্য সচিব বীৰেন ফুকন, অতিৰিক্ত মুখ্য সচিব ৰবিনচন মুছাহাৰী, চিৰাং জিলাৰ উপায়ুক্ত তথা বিটিচিৰ লগতে চিৰাং জিলাৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷ আনহাতে ৰাজহুৱা সভাতে গড়কাপ্তানি বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা প্ৰসন্ন বড়োৰ পৰা হঠাৎ মাইক্ৰ'ফোন কাঢ়ি লয় হাগ্ৰামা মহিলাৰীয়ে ৷ 20শতাংশ কাম কৰি 80 শতাংশ কাম হোৱা বুলি ধন মোকলাই লোৱাৰ অভিযোগ উত্থাপন কৰি বিটিচিত এনেকুৱা অভিযন্তাৰ দৰকাৰ নাই বুলি উল্লেখ কৰে হাগ্ৰামাই ৷ ৰাজহুৱা সভাতে বিটিচিৰ পৰা এনেধৰণৰ অভিযন্তাক সোনকালে বদলি কৰিব লাগে বুলি কয় বিটিচি প্ৰধানগৰাকীয়ে ৷

ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিটিচিৰ প্ৰতিখন জিলা আৰু মহকুমাতে একোটাকৈ বিলাসী বড়োলেণ্ড অতিথিশালা নিৰ্মাণৰ কথা উল্লেখ কৰে বিটিচি প্ৰধান মহিলাৰীয়ে ৷ আনহাতে নিৰ্বাচনী আয়োগৰ নিৰ্বাচনী অধিসূচনা জাৰী কৰাৰ পিচতেই এইসমূহ কাম সম্পুৰ্ণ কৰাৰ কথা উল্লেখ কৰে মহিলাৰীয়ে ৷

সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত লোকসভা নিৰ্বাচন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷ অহা 10 মাৰ্চত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব আৰু তাতেই লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাচনি কৰিব দলটোৱে ৷ বিজেপিৰ সৈতে দলটোৰ মিত্ৰতা অক্ষুন্ন থাকিব আৰু কোকৰাঝাৰ সমষ্টিৰ পৰা বিপিএফে প্ৰতিদ্বন্দিতা কৰাৰ লগতে বাকীসমূহ সমষ্টিত বিজেপিৰ মিত্ৰজোটক সহায় কৰিব দলটোৱে ৷ মেঘালয়ৰ কনৰাড চাংমা বিষয়ে উল্লেখ কৰি মেঘালয়ৰ মানুহৰ আমাৰ ইয়াত কোনো কাম নাই কিন্তু মেঘালয়ৰ বিধানসভা নিৰ্বাচনত 5টাকৈ সমষ্টি হাগ্ৰামাৰ হাতত থকা বুলি মন্তব্য কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷

undefined

লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অসমৰ 14 খন আসনৰ 12খনেই বিজেপিয়ে জয় লাভ কৰিব বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে বাকী দুখন আসনৰ এখন কংগ্ৰেছ আৰু এখন বি পি এফে লাভ কৰিব বুলি কোৱাৰ লগতে এ আই ইউ ডি এফ আৰু অগপই এখনো আসন লাভ নকৰে বুলি কয় বিটিচি প্ৰধানগৰাকীয়ে ৷

Intro:চিৰাঙত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্ধোধন কৰিলে কাজলগাঁও বড়োলেণ্ড গেষ্ট হাউচ । তাৰ পিততেই ৰাজহুৱা সভাত অংশগ্ৰহন কৰে হাগ্ৰামা মহিলাৰীয়ে । ৰাজহুৱা সভাত ঘোষক হিচাবে ঘোষনা কৰি থকা গঢ়কপ্তানি বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা প্ৰসন্ন বড়োৰ পৰা হঠাতে কাঢ়ি ললে মাইক্ৰোফোন । আৰু খঙতে কলে এই ধৰনৰ অভিযন্তা আমাৰ বিটিচিত নালাগে । তেওঁক ইয়াৰ পৰা সোনকালে বললি কৰিব লাগে । ২০% কাম হলে ৮০% কাম হোৱা বুলি প্ৰমান পত্ৰ দি টকা মোকলাই লোৱাৰ অভিযোগ কৰে স্বয়ং বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । বিটিচিৰ উপ মুখ‍্য কাৰ্যবাহী খাম্পা বৰগয়াৰী,বিটিচিৰ মঙখ‍্য সচিব বিৰেন ফুকন,অতিৰিক্ত মুখ‍্য সচিব ৰবিনচন মুচাহাৰী, চিৰাং জিলা উপায়ুক্ত,লগতে বিটিচি তথা চিৰাং জিলাৰ বৰমুৰী সকলৰ সন্মুখতেই এই দৰে খং কৰিলে হাগ্ৰামা মহিলাৰীয়ে । (ভিজুৱেল ৮০২ আৰু ৮০৩)

বিটিচিৰ প্ৰতিটো জিলা আৰু মহকুমাত এই ধৰনৰ বিলাসী অতিথিশালা নিৰ্মাণৰ কথাও কয় হাগ্ৰামাই । কাইলৈ নিৰ্ব্বাচন আয়োগে অধিশোচনা জাৰি কৰিব বুলিও কলে হাগ্ৰামাই । গতিকে এই সমুহ বাকী থকা আন কামবোৰ নিৰ্ব্বাচনৰ পিচত কৰাৰ কথা কয় তেওঁ।

বাইট : হাগ্ৰামা মহিলাৰী ।।
বাইটত কয় যে , অহাকালি নিৰ্ব্বাচন আয়োগে অধিসোচনা জাৰী কৰিলে অহা দহ মাৰ্চত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্ব্বাহক অনুষ্ঠিত হব আৰু তাতেই প্ৰাৰ্থী বাচনী হব বুলি কয় । বিজেপিৰ সৈতে মিত্ৰতাৰে নিৰ্ব্বাচন খেলিব আৰু কোকৰাঝাৰ লোক সভা সমষ্ঠিত বিপিএফে খেলাৰ লগতে বাকী সমষ্ঠিত বিজেপি মিত্ৰযোটক সহযোগিতা কৰিব । অগপ-বিজেপিৰ মিত্ৰতা বা কি হৈছে সেয়া তেওঁ লোকৰ বিষয় বুলিও কয় হাগ্ৰামাই । কনৰেড চাংমাৰ বিষয়ে কয় যে তেওঁ মেঘালয়ৰ মানুহ আমাৰ ইয়াত কি আছে বুলি কোৱাৰ লগতে কয় মেঘালয়ৰ গাৰোহিলচত ৫ টা বিধান সভা সমষ্ঠী মোৰ হাতত আছে । আমি জিকাই দিও , গতিকে এইবিলাক কৈ লাভ নাই ।
অসমৰ ১৪ টা সমষ্ঠীৰ ১ টা কংগ্ৰেছ,১ টা বিপিএফ,বাকী ১২ টা বিজেপিয়ে জিকিব বুলি কয় । অগপ দল মিত্ৰতাত আহিলে দুটা পাব পাৰে বুলিও কয় হাগ্ৰামাই । এ আই ইউ ডি এফ দলে নাপায় বুলি কলে হাগ্ৰামাই । বিপিএফৰ কোনো প্ৰত‍্যাহ্বান নাই বুলিয়ো কলে হাগ্ৰামাই ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বাইট : হাগ্ৰামা মহিলাৰী ।।

Conclusion:বিটিচিৰ প্ৰতিটো জিলা আৰু মহকুমাত এই ধৰনৰ বিলাসী অতিথিশালা নিৰ্মাণৰ কথাও কয় হাগ্ৰামাই । কাইলৈ নিৰ্ব্বাচন আয়োগে অধিশোচনা জাৰি কৰিব বুলিও কলে হাগ্ৰামাই । গতিকে এই সমুহ বাকী থকা আন কামবোৰ নিৰ্ব্বাচনৰ পিচত কৰাৰ কথা কয় তেওঁ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.