ETV Bharat / state

Republic day celebration in Chirang: চিৰাঙৰ ইটিভি ভাৰতৰ সাংবাদিকক বিটিচি প্ৰশাসনৰ সম্বৰ্ধনা - চিৰাঙৰ ইটিভি ভাৰতৰ সাংবাদিকক বিটিচি প্ৰশাসনৰ সম্বৰ্ধনা

চিৰাঙ জিলাত পালন কৰা হৈছে গণৰাজ্য দিৱস (Republic day celebration in Chirang)। দিৱসৰ লগত সংগতি ৰাখি বিটিচিৰ বন বিভাগে কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে । বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থত বাতৰি পৰিৱেশন কৰি অহা ইটিভি ভাৰতৰ সাংবাদিক আব্দুল মালেক আহমেদকো সম্বৰ্ধনা ।

Republic day celebration in Chirang
চিৰাঙৰ ইটিভি ভাৰতৰ সাংবাদিকক বিটিচি প্ৰশাসনৰ সম্বৰ্ধনা
author img

By

Published : Jan 26, 2022, 7:24 PM IST

চিৰাং, ২৬ জানুৱাৰী : ৰাজ্যৰ বাকী জিলাসমূহৰ দৰে চিৰাং জিলাতো গণৰাজ্য দিৱস পালন কৰা হয় (Republic day celebration in Chirang)। ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতকা উত্তোলন কৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহে । ক'ভিড নীতি নিয়মৰ মাজেৰে চিৰাঙৰ জিলা সদৰ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত এই কাৰ্যসূচী আয়োজন কৰা হয় ।

আনহাতে জিলাখনৰ সদৰ কাজলগাঁৱস্থিত বন সংমণ্ডল বিষয়াৰ কাৰ্যালয় চৌহদত ৭৩ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে বিটিচিৰ বন বিভাগে চিৰাং বন বিভাগৰ সহযোগত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ হকে কাম কৰি অহা ৬ গৰাকী লোকক সম্বৰ্ধনা জ্ঞাপন কৰে বন বিভাগে ৷ চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিটিচিৰ বন বিভাগে নিৰ্বাচিত কৰা ৬ গৰাকী ব্যক্তিৰ ভিতৰত চিৰাঙৰ ইটিভি ভাৰতৰ সাংবাদিক আব্দুল মালেক আহমেদও অন্যতম (BTC administration felicitates Journalist of ETV Bharat)।

চিৰাঙৰ ইটিভি ভাৰতৰ সাংবাদিকক বিটিচি প্ৰশাসনৰ সম্বৰ্ধনা

বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত ধাৰাবাহিক বাতৰি পৰিৱেশন কৰাৰ বাবে চিৰাঙৰ সাংবাদিক গৰাকীক সম্বৰ্ধনা জনোৱা হয় । এসময়ৰ এন ডি এফ বিৰ প্ৰাক্তন সদস্য বিনোদ গয়াৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গাঁও অঞ্চলত বন সংৰক্ষণত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে যাৰ বাবে তেওঁকো বিটিচি প্ৰশাসনে নিৰ্বাচিত কৰি সম্বৰ্ধনা জ্ঞাপন কৰে ৷

চিৰাং জিলাৰ উত্তৰাঞ্চলৰ বন সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এছ এছ বিৰ সহকাৰী কমাণ্ডেণ্ট সুখবীৰ সিং, হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ সজাগতা সৃষ্টি কৰা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ কৰ্মী সনাতন ডেকা, সাংবাদিক তথা বন্য প্ৰাণী সংৰক্ষক জয়ন্ত দেৱনাথ, বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আইনী সহায় কৰা ৰেজাউল হকক বিটিচিৰ বন বিভাগৰ পৰা প্ৰদান কৰা হয় মানপত্ৰ, গঁড় আৰু হাতীৰ স্মাৰক, একোখনকৈ আৰণাই আৰু নগদ পাঁচ হাজাৰ টকা । অনুষ্ঠানত বন বিভাগৰ এ.চি.এফ কুঞ্জন বসুমতাৰীৰ লগতে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী সকল উপস্থিত থাকে ৷

লগতে পঢ়ক :Republic day 2022: শিৱসাগত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.