ETV Bharat / state

কোকৰাঝাৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ছাত্ৰক নিৰ্মম প্ৰহাৰ

author img

By

Published : May 15, 2022, 8:44 PM IST

পুনৰ জৱাহৰ নৱোদয় বিদ্যালয়ত (Jawahar Navodaya Vidyalaya of Kokrajhar) চিৰাঙত জেষ্ঠ ছাত্ৰৰ নিৰ্মম আক্ৰমনৰ বলি হৈ গুৰুতৰভাৱে আহত ছাত্ৰ। অভিযুক্ত ছাত্ৰ দুজনৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিয়ালৰ এজাহাৰ দাখিল ৷

student-of-jnv-brutal-torture-at-kokrajhar-in-chirang
কোকৰাঝাৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ছাত্ৰক নিৰ্মম প্ৰহাৰ

চিৰাং, 15 মে' : চিৰাঙৰ ৰঞ্চাইধামস্থিত কোকৰাঝাৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ ৷ বিগত ১১ মে'ৰ নিশা সংঘটিত হয় এই ঘটনা (Brutal torture with Student of JNV Chirang) । বঙাইগাঁও জিলাৰ বৰপথাৰ গাঁৱৰ মহাম্মদ ইমামুল হুচেইন নামৰ ছাত্ৰজনৰ সৈতে সংঘটিত হয় এই ঘটনা ৷

জানিব পৰা মতে, বিগত ৰমজান মাহত চেহেৰী খাবলৈ বাধা দিয়াৰ পিচতো চেহেৰী খাই ৰমজানৰ ৰোজা পালন কৰা ছাত্ৰজন ঈদৰ বন্ধত ঘৰলৈ আহে ৷ ইয়াৰ পিচত ১১ মে'ত পুনৰ বিদ্যালয়লৈ উভতি যোৱাত নিশা ৯.৩০ বজাত উচ্চতৰ দ্বিতীয় বৰ্ষৰ দুজন ছাত্ৰই অইন কোঠাত মাতি নি মহাম্মদ ইমামুল হুচেইন নামৰ ছাত্ৰজনক ক্ৰিকেটৰ ষ্টাম্পেৰে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ।

অভিযোগ অনুসৰি, দুবাৰকৈ অচেতন হৈ পৰা ছাত্ৰজনক বাৰম্বাৰ প্ৰহাৰ কৰে ছাত্ৰ দুজনে । আনহাতে পৰিয়ালৰ লোকক এই বিষয়ে খৱৰ দিলে মহাম্মদ ইমামুল হুচেইন নামৰ ছাত্ৰজনক প্ৰাণে মৰাৰো ভাবুকি দিয়ে অভিযুক্ত দুই ছাত্ৰ দ্বিপ আৰু গুঞ্জনে ৷

এই ঘটনাৰ পিচতে পৰিয়ালৰ লোকে সকলো কথা জানিব পৰাত বঙাইগাঁও নাৰ্ছিং হোমত ছাত্ৰজনক ভৰ্তি কৰায় ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত অভিযুক্ত ছাত্ৰ দুজনৰ বিৰুদ্ধে বাসুগাঁও থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী ছাত্ৰজনৰ পৰিয়ালে ৷

ইফালে, এই ঘটনাক কঠোৰ ভাষাৰে ধিক্কাৰ জনাইছে বঙাইগাঁও জিলা আমছুৱে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই বিদ্যালয়খনত ছাত্ৰৰ প্ৰহাৰত কৰুণ মৃত্যুক সাৱটি লৈছিল এজন ছাত্ৰই ৷ লক্ষণীয় বিষয় এয়ে যে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতো বিদ্যালয়ৰ কৰ্তৃপক্ষই কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে ৷ সেয়ে এতিয়া নিজ সন্তানৰ সুৰক্ষাৰ প্ৰতি শংকিত হৈ পৰিছে অভিভাৱকসকল ৷ যাৰ বাবে আইনৰ আশ্ৰয় লবলৈ বাধ্য হৈছে পৰিয়ালৰ লোক ৷

লগতে পঢ়ক : ডলু চাহ বাগিছাৰ উচ্ছেদক লৈ মৰাণৰ ৰাজপথত আছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.