ETV Bharat / state

বিপিএফ দলৰ বিজয় নিশ্চিতঃমন্ত্ৰী চন্দন ব্ৰহ্ম

author img

By

Published : Jun 12, 2020, 6:44 PM IST

আজি চিৰাং জিলা বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত জিলাখনৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিভিন্ন অঞ্চলৰ ইউপিপিএল, জিএচপি আদি দলৰ প্ৰায় দুশ জন লোকে বিপিএফ দলত যোগদান কৰে ।

BPF victory ensured: Minister Chandan Brahma
বিপিএফ দলৰ বিজয় নিশ্চিতঃমন্ত্ৰী চন্দন ব্ৰহ্ম

চিৰাং,12জুনঃ লক ডাউন আৰু কৰ'ণা আতংকৰ মাজতে বিটিচিত ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ ৷লক ডাউনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি তুংগত ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ ৷ আৰম্ভ হৈছে দল-বাগৰা ৰাজনীতি।তেনে এক দৃশ্য আজি দেখা পোৱা গ'ল চিৰাঙত ৷ আজি চিৰাং জিলা বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত জিলাখনৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিভিন্ন অঞ্চলৰ ইউপিপিএল, জিএচপি আদি দলৰ প্ৰায় দুশ জন লোকে বিপিএফ দলত যোগদান কৰে । এই যোগদান কাৰ্যসূচীত মন্ত্ৰী চন্দন ব্ৰহ্মৰ সৈতে চিৰাং জিলা বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি চিনেন বসুমতাৰী,কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন অধ‍্যক্ষ পানীৰাম ব্ৰহ্ম ৰ লগতে বিপিএফৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে ৷

আনহাতে, আজি এই যোগদান কাৰ্যসূচীত মন্ত্ৰী চন্দন ব্ৰহ্মই ভাষণ প্ৰসংগত মন্তব্য প্ৰকাশ কৰি কয় যে, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলেই পুনৰবাৰ বিটিচিৰ পৰিষদীয় চৰকাৰ গঠন কৰিব । সকলো জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত হৈ বিটিচিৰ উন্নয়ন কৰাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনোৱাৰ লগতে বিপিএফ দলৰ বিজয় নিশ্চিত বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়কঃৰঙিয়াত ছাত্ৰনেতাই সাজি দিলে অসহায় বৃদ্ধাৰ গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.