ETV Bharat / state

চিৰাঙত বিটিএফ আৰু এন ডি এফ বি সংবিজিট গোটৰ আত্মসমৰ্পনকাৰী সদস্যৰ বিপিএফত যোগদান

author img

By

Published : Mar 28, 2019, 12:46 AM IST

৩০৫ গৰাকী বিটিএফ আৰু ৩৩ গৰাকী এন ডি এফ বি সংবিজিট গোটৰ আত্মসমৰ্পনকাৰী সদস্যই বিপিএফত যোগদান কৰে ।

কোকৰাঝাৰ সভা

চিৰাং, ২৭ মাৰ্চঃ চিৰাঙৰ বিজনী মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই । এই সভাতে দলটোত যোগদান দিয়ে ৩৩৮ গৰাকী বিটিএফ আৰু এন ডি এফ বি সংবিজিট গোটৰ আত্মসমৰ্পনকাৰী সদস্যই ।

কোকৰাঝাৰ সভা

সভাত উপস্থিত থাকি প্ৰমিলাৰাণী ব্ৰহ্মই সকলোকে একত্ৰিত হোৱাৰ লগতে বিপিএফক শক্তিশালী কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । তেঁও কয় যে, বিটিচিত হাগ্ৰামা মহিলাৰীৰ বাবে আন কোনোৱেই উন্নয়ন সাধন কৰিব নোৱাৰে ।

আনহাতে সভাত উপস্থিত থাকে চন্দন ব্ৰহ্মকে ধৰি বহুকেইগৰাকী বিশিষ্ট নেতা । চন্দন ব্ৰহ্মই নিখিল বড়ো ছাত্ৰ সন্থা আৰু নৱ শৰনীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰে । আনহাতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু ২৫ বছৰলৈ ৰাজনীতিত থাকিব বুলি উল্লেখ কৰে । বিটিচিত হাগ্ৰামাৰ বাহিৰে বেলেগৰ কোনো কাম নাই । ইউ পি পি দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰাং ব্ৰহ্মক ক্ষুৰধাৰ সমালোচনা কৰি তেঁওক মিছলীয়া বুলি অভিহিত কৰে । লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে কোনোবা দলৰ পৰা টকা লৈ তেজপুৰত প্ৰাৰ্থী নিদিলে বুলি অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে ।

Intro:আজি চিৰাং জিলাৰ বিজনী কলেজৰ খেলপথাৰত বিপিএফৰ গণ সমাৱেশ অনুষ্ঠিত হয় । সমাৱেশত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্ঠীৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম সকলোকে একত্ৰিত হৈ চলাৰ বাবে আহ্বান জনায় আৰু বিপিএফ ট শক্তিশালী কৰাৰ বাবে সকলকে আগবাঢ়ি আহিবলৈ কয় । বিপিএফ ৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বাদে কোনেও উন্নয়ন কৰিব নোৱাৰে বুলিও কয় । সভাত চন্দন ব্ৰহ্ম ই এবছু, ইউপিপি আৰু নৱ শৰনীয়াক সমালোচনা কৰে । হাগ্ৰামা মহিলাৰী য়ে ভাষনৰ আৰম্ভনিতে কয় মই ১৫ বছৰ শাসনত থাকিলো,এতিয়া মোৰ বয়স ৫০ বছৰ গতিকে আৰু ২৫ বছৰ থাকিম তাৰ পিচত হে মই অৱসৰ লম। বিটিচিত মই থাকোতে বেলেগৰ কাম নাই । তেওঁ এবছু,ইউপিপিক কঠোৰ ভাৱে সমালোচনা কৰে । ইউপিপি ৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মক মিছলীয়া বুলি কোৱাৰ লগতে কয় তেওঁৰ মুখত এটা মনত এটা । বুজা নাজায় মানুহজনক । এবছুৰ সভাপতিয়ে কোনোবা দলৰ পৰা টকা লৈ তেজপুৰত প্ৰাৰ্থী নিদিলে বুলি অভিযোগ কৰি কয় প্ৰমোদ বড়ো জাতীয় সংগঠন এবছুক লৈ বেপাৰ কৰি আছে । আজি সভাত ৩০৫ জন বিটিএফ সদস‍্য আৰু ৩৩ জন এন ডি এফ বি ছংবিজিতৰ সদস‍্য বিপিএফ ত যোগদান কৰে ।

বাইট : হাগ্ৰামা মহিলাৰী।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : হাগ্ৰামা মহিলাৰী।

Conclusion:আজি সভাত ৩০৫ জন বিটিএফ সদস‍্য আৰু ৩৩ জন এন ডি এফ বি ছংবিজিতৰ সদস‍্য বিপিএফ ত যোগদান কৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.