চিৰাং, ১৪ ছেপ্টেম্বৰ: চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ উদ্যোগত বুধবাৰৰ(Book Fair at Kajalgaon)পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে এখনি প্ৰদৰ্শনীমূলক গ্ৰন্থমেলা । উক্ত গ্ৰন্থমেলাখনি উদ্বোধন কৰে কাজলগাঁও ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ(UN Brahma College in Kajalgaon)অধ্যক্ষ ড৹ নীল পদ্মিনী ৰাভাই ।
অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে গ্ৰন্থ অধ্যয়নৰ জৰিয়তে নিজৰ বৌদ্ধিক ধাৰা অব্যাহত ৰাখিব পাৰে তাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে যে বুলি কয় । চাৰিদিন ধৰি চলিবলগীয়া গ্ৰন্থ মেলাত অংশ গ্ৰহণ কৰিছে বঙাইগাঁৱৰ অগ্ৰণী গ্ৰন্থ বিপণী মণ্ডল বুক ষ্ট'লে ।
এই গ্ৰন্থমেলাত অংশগ্ৰহণকাৰী সকলে কয় যে, গ্ৰন্থ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ । কিতাপৰ সমান পৰম বন্ধু নাই বুলি কোৱা হয় । এইখিনিতে উল্লেখ কৰিব পাৰি যে সভ্যতাৰ বিকাশত যুগে যুগে গ্ৰন্থই গ্ৰহণ কৰে বৰণীয়া ভূমিকা । গ্ৰন্থই ৰচনা কৰে মানসিক সেঁতুবন্ধন । মানুহৰ জীৱনত গ্ৰন্থই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি থাকে । কিতাপ নথকা ঘৰক খিৰিকীবিহীন কোঠাৰ লগত তুলনা কৰা হয় । সেইবাবে গ্ৰন্থমেলা জ্ঞান-বিস্তাৰৰ মেলা বুলি কোৱা হয় । গ্ৰন্থমেলা লেখক, পাঠক, প্ৰকাশকৰ মিলনভূমি ।