চিৰাং, 16 আগষ্ট : বঙাইগাঁওত কলিতা ছাত্ৰ সন্থাৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট । সদ্য ঘোষিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত সম-মৰ্যাদা তথা সম-অধিকাৰৰ দাবীৰে ছাত্ৰ সংগঠনটোৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ।
কোচ ৰাজবংশীসকলৰ বাবে অসম চৰকাৰে সদ্য ঘোষিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত কলিতা জনগোষ্ঠীৰ বাবেও সম-অধিকাৰ,সম-মৰ্যাদাৰ দাবী উত্থাপন কৰে সদৌ অসম কলিতা ছাত্ৰ সন্থাই ৷ বুধবাৰে বঙাইগাঁৱৰ গান্ধী ময়দানত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম কলিতা ছাত্ৰ সন্থাই । কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যকৰীকৰণ নহওঁতেই এইদৰে পৰিষদৰ বাবে আন্দোলনৰ কাৰণ হিচাপে জনায় যে, বিটিচিত যিদৰে সকলো অধিকাৰ,সংৰক্ষণ আদি মাত্ৰ এটা জনগোষ্ঠীক প্ৰদান কৰা হৈছে সেইদৰে কমতাপুৰতো যাতে মাত্ৰ এটা জনগোষ্ঠীৰ বাবে নহয় তাৰ বাবে কাৰ্যকৰীকৰণ নহওঁতেই এইদৰে আন্দোলন কৰাৰ কথা জনায় কলিতা জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতৃত্বই ।
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ চৰকাৰে কোচ ৰাজবংশীসকলৰ বাবে দিছে । কিন্ত এইটো অঞ্চলত থকা অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীসমুহৰ কি হ'ব ? সেয়ে আজিৰ এই প্ৰতিবাদৰ জৰিয়তে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিলখন সংশোধনীৰ বাবে আবেদন জনাইছে কলিতা ছাত্ৰ সংগঠনে ।
লগতে পঢ়ক : প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব পৰিষদ দাবীত সদৌ কলিতা ছাত্ৰ সন্থাৰ প্ৰতিবাদ