বঙাইগাঁও,23 ডিচেম্বৰ: বঙাইগাঁও জিলাৰ 32 নং বিধান সভা সমষ্টি তথা বঙাইগাঁও গাঁও পঞ্চায়তৰ বাখাৰাপাৰা গাৱঁৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী ৷ নাম তেওঁৰ বালা ৰায় ৷ জীৱনৰ বিয়লি বেলাতো অকলশৰে কটাইছে জীৱন ৷ হাতত এডাল বাঁহৰ লাঠি,কেইটামান কুকুৰ আৰু ছাগলীয়েই যেন লগৰী বৃদ্ধা গৰাকীৰ ৷ সৰুতেই পিতৃ-মাতৃক হেৰুওৱাৰ পাচতে অকলেশৰে পাৰ কৰিছে জীৱন ৷
কেতিয়াবা যদি এসাঁজ খাইছে কেতিয়াবা তিনি চাৰি দিনলৈকে লঘোণে থাকে ৷ আজিলৈকে কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাপালে বৃদ্ধা গৰাকীক ৷ বৃদ্ধ পেঞ্চন,অনাময় আচঁনি, বি পি এল কাৰেন্ট, PMAYৰ ঘৰ আদি সকলোতে বঞ্চিত বৃদ্ধা গৰাকী ৷ বহু বছৰ আগতে ইন্দিৰা আৱাস যোজনাৰ এটা গৃহ লাভ কৰিছিল যদিও সম্পূৰ্ণ কৰি নিদিলে ঠিকাদাৰে ৷
বৃদ্ধাৰ নামত অহা আচঁনিৰ টকা কেইটাকো হজম কৰিলে একাংশ লুন্ঠনকাৰী বিষয়া,ঠিকাদাৰে ৷ এতিয়া বৃদ্ধা গৰাকীৰ থাকিবলৈ নাই এটি ভাল বাসগৃহ ৷ জহি খহি যোৱা পজাত কুকুৰ,মেকুৰী,ছাগলীৰে সহাৱস্থান কৰা এই গৰাকী পচকী বালা ৰায়ে ঠেটুৱৈ ধৰা জাৰতো বাঁহৰ লাঠিত ভৰ দি কঁপি কঁপি কৰি গৈছে নিজৰ কাম ৷ জীয়াই থাকিবলৈ লগা ন্যূনতম আহিলা খিনিও যেন নাই বৃদ্ধা গৰাকীৰ ৷
![Bongaigaon Govt deprive poor lady](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-bongaigaongovtdeprivepoorlady-vis-10012_23122020124545_2312f_1608707745_1100.jpg)
লজ্জা নিবাৰণৰ বাবে সামান্য কাপোৰ পিন্ধিয়ে এটা এন্ধাৰ কুঠৰীত পাৰ কৰিছে দিন ৰাতি ৷ খোৱা পানীৰ বাবে দমকল নোহোৱা বৃদ্ধা গৰাকীয়ে মাটিত এটা খাল খান্দি তাৰেই পানী খাই পাৰ কৰিছে পিয়াহ ৷ তাকে দেখি বৃদ্ধা গৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহে চিৰাং জিলা কংগ্ৰেছৰ নেতা বীৰকুমাৰ অধিকাৰীয়ে ৷ বৃদ্ধা গৰাকীক ঠাণ্ডাৰ কাপোৰ আৰু খাদ্য প্ৰদান কৰি মানৱতাৰ পৰিচয় দিয়াৰ লগতে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ প্ৰতিটো আচঁনিৰ সুবিধা বৃদ্ধা গৰাকীক প্ৰদান কৰিবলৈ আহ্বান জনাই নেতা গৰাকীয়ে ৷
লগতে পঢ়ক: নিয়ন্ত্ৰণ হেৰুৱাই 24 কিলোমিটাৰ বিপৰীত দিশত চলিল এখন মালবাহী ৰেল