চিৰাং, 16 জুলাই : বঙাইগাঁও জিলাৰ কাকৈজানা গাঁও পঞ্চায়তৰ চেচাপানী গাঁও সম্পূৰ্ণৰূপে বিলীন হয় আই নদীৰ বুকুত । মথাউৰিত আশ্ৰয় লৈ আছে গাঁৱখনৰ দুৰ্ভগীয়া লোকসকলে ৷ বিভিন্ন গছ গছনি, সেউজীয়া শস্যৰে ভৰা নদন-বদন, পান তামোলেৰে ভৰা, খেতিৰে উপচি থকা তাত এখন সুন্দৰ গাঁও আছিল ৷ আই নদীয়ে শেষ কৰিলে গাঁৱখন ৷ দৰিদ্ৰ গঞাই ঘৰ-দুৱাৰ, মাটি-বাৰী সকলো হেৰুৱালে ৷ এতিয়া নিৰুপায় হৈ ভগা মথাউৰিত জুপুৰি বান্ধি ভাগ্যক ধিয়াই চকুলো টুকি জীয়াই আছে গাঁৱবাসীয়ে ৷
হেপাহৰ মৰমৰ আপোন ঘৰখনি নদীৰ বুকুত জাহ যোৱাত নদীৰ বুকুলৈ চাই চাই, বালিচৰত বহি চকুলো টুকিছে গাঁৱখনৰ এগৰাকী আইতাই ৷ নদী ভগনীয়া ৰাইজ বৰ্তমান মথাউৰিৰ ওপৰত সৰু সৰু জুপুৰি বান্ধি বিগত 12টা বছৰে এইদৰে অতি কষ্টৰে জীৱন পাৰ কৰিছে ৷ এসময়ত খেতি-বাতিৰে ভড়াল ভৰি থকা এইসকল লোকে এতিয়া এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে ৷
আই নদীৰ বান আৰু গৰাখহনীয়াই চূৰমাৰ কৰিলে গাঁৱবাসীৰ সপোনবোৰ ৷ নদীৰ বুকুত পৰি আছে কেৱল বালিচৰ ৷ কোনো চিন মোকাম নাই ৷ সেইসকল গাঁৱবাসী বৰ্তমান এটা মথাউৰিৰ ওপৰত 12 টা বছৰে পাৰ কৰিছে জীৱন ৷ 25 টাকৈ পৰিয়ালে এনেদৰে জীৱন পাৰ কৰিব লগা হৈছে মথাউৰিত ৷
চেঁচাপানী গাৱঁৰ ৰাইজৰ দূখৰ কথা কোনে শুনিব ? চৰকাৰ, জিলা প্ৰশাসন, বিভাগীয় বিষয়া, মন্ত্ৰী, বিধায়ক কোনেও চকু মেলি নাচায় এইসকল গাঁৱবাসীলৈ ৷ কেইখনমান টিনপাত দিয়ে সকলো দ্বায়িত্ব শেষ কৰিলে বিভাগে ৷
লগতে পঢ়কঃ নিশা লখৰা বজাৰত বনৰীয়া হাতীৰ সন্ত্ৰাস