ETV Bharat / state

চিৰাঙত বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষীৰ 52 পদৰ বাবে পৰীক্ষা - বড়োলেণ্ড চেন্ট্ৰেল চিলেকচন বৰ্ড

মঙলবাৰে চিৰাঙত অনুষ্ঠিত হয় বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষী কৰ্মীৰ 52 পদৰ বাবে পৰীক্ষা ৷ উল্লেখিত পদৰ বাবে বিটিচিৰ প্ৰায় 8 হাজাৰ প্ৰাৰ্থীয়ে আবেদন জনাইছিল ৷

চিৰাঙত বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষী কৰ্মীৰ 52 পদৰ বাবে পৰীক্ষা
author img

By

Published : Oct 22, 2019, 10:40 PM IST

চিৰাং, 22 অক্টোবৰঃ বিটিচিৰ উন্নয়নৰ ক্ষেত্ৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা দেখা গৈছে ৷ মঙলবাৰে বড়োলেণ্ড চেন্ট্ৰেল চিলেকচন বৰ্ডৰ অধীনত বন বিভাগৰ উদ্যোগত বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষী কৰ্মীৰ 52 পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হয় ৷ অহা তিনিদিনলৈ চিৰাং,বাক্সা,ওদালগুৰি আৰু কোকৰাঝাৰত পৃথকে পৃথকে অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষা ৷ উল্লেখিত পদৰ বাবে বিটিচিৰ প্ৰায় 8 হাজাৰ প্ৰাৰ্থীয়ে আবেদন জনাইছিল ৷ আবেদনকাৰী প্ৰাৰ্থীসকলৰ মঙলবাৰে শাৰিৰীক যোগ্যতাৰ পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'বলগীয়া হয় ৷

চিৰাঙত বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষী কৰ্মীৰ 52 পদৰ বাবে পৰীক্ষা

মঙলবাৰে অনুষ্ঠিত শাৰিৰীক যোগ্যতা পৰীক্ষাত যুৱকসকলে 26 কিঃমিঃ আৰু যুৱতী সকলে ১৬ কিলোমিটাৰ পথ দৌৰি যোগ্যতা অৰ্জন কৰিব লাগে ৷ বিজনীত অনুষ্ঠিত শাৰিৰীক যোগ্যতা পৰীক্ষাত বৰ্ডৰ কেইবাজনো সদস্যৰ লগতে চিৰাঙৰ বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰি উপস্থিত থাকে ৷

Intro:বড়োলেণ্ড চেন্ট্ৰেল চিলেকচন বোৰ্ডৰ বন বিভাগৰ পৰীক্ষাৰম্ভ ।

Body: বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত উন্নয়নমূলক কাম কাজৰ লগতে আন্তঃ গাঁথনিৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰি অহাৰ উপৰি শেহতীয়াভাৱে নিবনুৱা যুৱক-যুৱতীক সংস্থাপনত বিশেষ গুৰুত্বাৰোপ কৰিছে ৷ ৰাজ্যৰ ষষ্ঠ অনুসূচী অনুসৰি বিটিচিৰ বড়োলেণ্ড চেন্ট্ৰেল চিলেকচন বোৰ্ডৰ অধীনত শেহতীয়াভাৱে বন বিভাগৰ উদ্যোগত ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড পদৰ বাবে ৫২ টা পদৰ বাবে আজিৰে পৰা তিনিদিনলৈ চিৰাং, বাক্সা, ওডালগুৰি আৰু কোকৰাঝাৰত পৃথকে অনুষ্ঠিত হৈ থকা উল্লিখিত পদৰ বাবে আবেদন জনোৱা প্ৰাৰ্থী সকলৰ শাৰিৰীক যোগ্যতাৰ পৰীক্ষা অনুষ্ঠিত হয় ৷ বিটিচিত এই পদৰ বাবে মুঠ ৮ (আঠ ) হেজাৰ প্ৰাৰ্থীয়ে আবেদন জনাইছে ৷ ইয়াৰ ভিতৰত চিৰাং জিলাত ১৮৭২ গৰাকী প্ৰাৰ্থী আছে ৷ চিৰাঙত ২৮৭ গৰাকী যুৱতীয়েও আবেদন জনাইছে ৷
আজিৰ পৰা অনুষ্ঠিত শাৰিৰীক যোগ্যতাৰ পৰীক্ষাত যুৱক সকলে ২৬ কিলোমিটাৰ আৰু যুৱতী সকলে ১৬ কিলোমিটাৰ পথ দৌৰি যোগ্যতা অৰ্জন কৰিব লাগিব ৷ বিজনীত অনুষ্ঠিত কৰা বন বিভাগৰ পৰীক্ষা অনুষ্ঠানত বোৰ্ডৰ কে'বাজনো সদস্যৰ লগতে চিৰাঙৰ বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰি উপস্থিত থাকে ৷

বাইটঃ নিৰেণ ৰায়, সদস্য, বড়োলেণ্ড চেন্ট্ৰেল চিলেকচন বোৰ্ড ৷

Conclusion:কিছু হলে বিটিএডিৰ নিৱনুৱা সকলৰ বাবে সকাহ হব এই নিযুক্তিক্ৰীয়াৰ পৰা ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.