ETV Bharat / state

BJP state executive at Bijni: বিজনীত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সম্পন্ন

লোকসভা নিৰ্বাচনত বিৰোধীৰ পৰা বিজেপিৰ মিত্ৰজোঁটৰ হাতলৈ আহিব কোকৰাঝাৰ লোকসভা সমষ্টি ৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । বিজনীত অনুষ্ঠিত দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ পাচতেই এই মন্তব্য় কৰে কলিতাই (BJPs state executive meeting)।

author img

By

Published : Mar 5, 2023, 3:58 PM IST

BJPs state executive meeting in Bijni
বিজনীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্য়িক পৰ্যায়ৰ কাৰ্যনিৰ্বাহক

চিৰাং, ৫মাৰ্চ: চিৰাং জিলাৰ বিজনীত শনিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ এখন ৰাজ্য়িক পৰ্যায়ৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ (BJPs state executive meeting in Bijni)। এই ৰাজ্যিক কাৰ্যনিৰ্বাহকত কেইবাটাও গুৰুত্বপুৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাজ্যিক কাৰ্যনিৰ্বাহকখনত কেন্দ্ৰীয় মন্ত্ৰীৰ উপৰি সাংসদ, বিধায়কৰ উপস্থিতিত সাংগঠনিক দিশ সম্পৰ্কে বিশেষভাৱে আলোচনা কৰা হয় । ইয়াৰ পিছতেই দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে কেনেদৰে প্ৰস্তুতি চলাইছে সেই বিষয়ে ব্য়াখ্য়া কৰে (State BJP president Bhabesh Kalita)।

চিৰাং জিলা বিজেপিৰ উদ্যোগত আয়োজিত ৰাজ্যিক বিজেপিৰ এই কাৰ্যনিৰ্বাহক সভাত দলৰ সহযোগী কোষসমূহৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকলে অংশগ্ৰহণ কৰে ৷ ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সমগ্ৰ ৰাজ্য়তেই দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বুথ পৰ্যায়ত সদস্য বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ।

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিষয়ববীয়া সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কিছু পদক্ষেপৰ বাবে অসম চৰকাৰৰ ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ পাচতেই ৰাজ্য চৰকাৰে বাল্যবিবাহ ৰোধ কৰাত আগভাগ লৈছে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পুনৰ কয় যে চৰকাৰী ভূমি বেদখলকাৰীৰ পৰা উচ্ছেদ কৰিবলৈ ৰাজ্য় চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷

ইপিনে, অহা ২০২৪ চনত অনুষ্ঠিতব্য় লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিটো বিৰোধীৰ পৰা বিজেপিৰ মিত্ৰজোঁটৰ হাতলৈ আহিব বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ তেওঁ এতিয়াই কোন প্ৰাৰ্থীক কোনটো সমষ্টিত প্ৰাৰ্থী হিচাপে থিয় কৰোৱা হ'ব সেই বিষয়ে দলে এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলিও তেওঁ কয় । ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কাছাৰৰ সাংসদ ড৹ ৰাজদ্বীপ ৰয়, বিধায়ক তপন কুমাৰ গগৈ, সাংসদ পল্লৱ লোচন দাস, দলৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সম্পাদক তথা বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, সম্পাদিকা অপৰাজিতা ভূঞা, বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাসহ কেবাটাও মৰ্চাৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:Conrad Sangma ready to form govt: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’বলৈ সাজু কনৰাড চাংমা; মোদী-শ্বাহ হ’ব বিশেষ অতিথি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.